🔹 এজনৰ অৱস্থা সংকটজনক
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : ক্ৰমাৎ যেন মৃত্যু উপত্যকাত পৰিণত হৈছে ঢকুৱাখনা-মাজুলী সংযোগী জালভাৰী সোমদিয়া লোকনিৰ্মাণ বিভাগৰ অতি ব্যস্ত পথটো ৷ পথটোৰ ভাটি জালভাৰীস্থিত চাৰিকড়িয়া নদীৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ এপ্ৰচটো ঠিকাদাৰে সঠিকভাৱে নিৰ্মাণ নকৰি প্ৰায় ইংৰাজী বৰ্ণমালাৰ L বৰ্ণটোৰ দৰেই নিৰ্মাণ কৰাত এপ্ৰচটোত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ দুৰ্ঘটনাত পতিত হৈ আহিছে একাধিক লোক ৷ আজি দিনৰ ১২.৩০ মান বজাত সোণাৰি চাপৰি দিশৰ পৰা এ এছ-০৭ ভি-৭৭৩৫ নম্বৰৰ পালছাৰ বাইকেৰে গৈ থকা দুই বাইক আৰোহীক দলংখনৰ এপ্ৰচটোতে একে দিশৰ পৰা গৈ থকা এ এছ-০৭ বি চি-১৬০৪ নম্বৰৰ ডাম্পাৰখনে মহটিয়াই নিয়াত লখিমপুৰ ঘুনাসুঁতিৰ চলিচুকৰ মথুৰা নৰহৰ পুত্ৰ মালচন নৰহ (২২) নামৰ যুৱকজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে বিদ্যা টাইড (২৩) নামৰ আনজন যুৱক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷ জানিব পৰা মতে, দুই বাইক আৰোহীয়ে দলংখনত উঠাৰ সময়তে দ্ৰুতবেগী ডাম্পাৰখনে বাইকত পিছফালৰ পৰা খুন্দা মাৰি প্ৰায় ৩০ মিটাৰ দূৰলৈকে চোঁচৰাই নিয়াত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে সোণাৰি চাপৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাইকখন নিজৰ জিম্মাত লৈ ডাম্পাৰখনো জব্দ কৰি ততাতৈয়াকৈ আহত লোককেইজনক ১০৮ৰ জৰিয়তে ঢকুৱাখনাৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৰহক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি