নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত নকল টকা বনোৱা মেচিনসহ আটক দুই ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি নকল টকাৰ বিৰুদ্ধে পশ্চিম শোৱানলীত চলায় এক অভিযান ৷ আৰক্ষীৰ অভিযানত নকল টকা বনোৱা মেচিন, জালনোট বনোৱা বৃহৎ পৰিমাণৰ কাগজৰ বাণ্ডিল জব্দ কৰাৰ লগতে আটক কৰে  জালনোটৰ ব্যৱসায়ত জড়িত থকা দুজন লোকক ৷ ধৃত জালনোট বাৱসায়ী দুটা হ’ল আব্দুল জলিল আৰু মাহমাদুল হুছেইন ৷ ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জালনোট ব্যৱসায়ী দুটাক জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like