নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিক দিয়াৰ পৰা বঞ্চিত মাজুলীৰ দুই পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : আজিৰ পৰা ৰাজ্যত আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকক্ষণত মাজুলীৰ দুগৰাকী ছাত্ৰীয়ে এতিয়া জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা দিয়াৰ পৰা বঞ্চিত হবলগীয়া হোৱাৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে মাজুলীৰ ভকত চাপৰি হাইস্কুলৰ ছাত্ৰী কুঁৱৰী শইকীয়া আৰু অঞ্জনা দাসৰ পৰীক্ষাৰ এডমিট কাৰ্ড নহাৰ পৰিপ্ৰেক্ষিতত এতিয়া পৰীক্ষাৰ পৰা বঞ্চিত হবলগীয়া হ’ব। ভকতচাপৰি অপ্ৰাদেশিকৃত হাইস্কুল খনৰ ভুক্তভোগী ছাত্ৰী কেইগৰাকীয়ে জনোৱা অনুসৰি বিদ্যালয় খনৰ প্ৰধান শিক্ষকে এডমিট কাৰ্ড নিবলৈ মাটি বেলেগৰ নামত পৰীক্ষা দিয়া কথা কোৱাৰ পাছতেই বিষয়টো পোহৰলৈ আহে। ঘৰত গৈয়ো প্ৰধান শিক্ষক গৰাকীয়ে এডমিট কাৰ্ড হব পৰীক্ষা দিব পাৰিব ব্যৱস্থা কৰিছোঁ বুলি কৈ থকাৰ পাছত কাইলৈৰ পৰা আৰম্ভ হবলগীয়া পৰীক্ষাৰ এডমিট কাৰ্ড নিবলৈ আহি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱাত এতিয়া ছাত্ৰী কেইগৰাকীৰ মূৰত সৰগ ভাগি পৰিছে। ইফালে উক্ত বিষয়টো মাজুলী জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে অৱগত হৈ প্ৰধান শিক্ষক, সহ শিক্ষকক কাৰ্যালয়লৈ তলৱ কৰে। ইফালে বিদ্যালয় সমূহৰ পৰিদৰ্শিকে এই সন্দৰ্ভত জিলা আয়ুক্তক প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে। ইফালে প্ৰকৃততে কাৰ ভুলৰ বাবে ছাত্ৰী দুগৰাকীৰ এই দশা হবলৈ পালে সেয়া প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like