নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীভূমি কাৰাগাৰত বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণ, গ্ৰেপ্তাৰ ২ কনিষ্টবল 

নিয়মীয়া বাৰ্তা, ২৪ মে’ : ৰক্ষকৰ ভূমিকাত ভক্ষক! এগৰাকী বিশেষভাৱে সক্ষম মহিলাক দলবদ্ধ ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ দুজন কনিষ্ঠ আৰক্ষী বিষয়া। শ্ৰীভূমি জিলা কাৰাগাৰৰ দুই ৱাৰ্ডেনৰ জঘন্য অপৰাধ। তেওঁলোকৰ বিৰুদ্ধে বিশেষভাৱে সক্ষম এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ।

এই অভিযোগৰ ভিত্তিত শ্ৰীভূমি আৰক্ষীৰ জালত ধৰা পৰে কাৰাগাৰৰ দুই কনিষ্ঠ বিষয়া।  কালি মাজনিশা শ্ৰীভূমি কাৰাগাৰ চৌহদৰ এটা কোঠাত এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হয় দুজন কনিষ্টবল। ৰাতি পহৰা দি থকা আৰক্ষীয়ে  দুজনক ধৰি শ্ৰীভূমি সদৰ থানালৈ লৈ যায়। ধৃত দুজন হৈছে গজেন্দ্ৰ কলিতা আৰু হৰেশ্বৰ কলিতা। তেওঁলোকৰ ঘৰ ব্ৰহ্মপুত্ৰ উপত্যকাত।

জানিব পৰা মতে, আৰক্ষীয়ে সম্প্ৰতি দুয়োকে থানাত আবদ্ধ কৰি ৰাখিছে আৰু জেৰা অব্যাহত ৰাখিছে। শ্ৰীভূমি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদমেল অনুষ্ঠিত কৰি ঘটনা সন্দৰ্ভত সবিশেষ প্ৰদান কৰে।

তেওঁ জনোৱা মতে,প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে সেই সময়ত জেলৰ কনিষ্টবল  দুগৰাকী কৰ্তব্যৰত অৱস্থাত আছিল। তেতিয়া মানসিকভাৱে অস্থিৰ অৱস্থাত কাৰাগাৰৰ চৌহদত ঘূৰি ফুৰা এগৰাকী মহিলাক কাৰাগাৰৰ বেৰেকলৈ লৈ গৈ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

তেনে সময়তে কৰ্তব্যৰত আন আৰক্ষী জোৱানসকলে সন্দেহ প্ৰকাশ কৰাৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহে। ইয়াৰ পিছতে জিলা আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। ইপিনে মহিলাক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় আৰু বৰ্তমান স্থানীয় আশ্ৰয় গৃহত চোৱা-চিতা কৰা হৈছে।

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয়, এই ঘটনাটো কৰ্তব্য আৰু বিশ্বাসৰ প্ৰতি এক জঘন্য প্ৰতাৰণা। অভিযুক্তৰ বিৰুদ্ধে আটাইতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইপিনে এই ঘটনাক মানৱ অধিকাৰ সংগঠন আৰু নাগৰিক সমাজৰ বিভিন্ন শ্ৰেণীয়ে তীব্ৰ গৰিহণা দিছে। অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। আৰু তদন্ত চলি আছে, আৰু প্ৰশাসনে এই কাণ্ডৰ নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি উল্লেখ কৰিছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like