নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ বুধবাৰে ৰাজ্যত পুনৰবাৰ দুগৰাকী ক’ভিড-১৯ আক্ৰান্তক মুকলি কৰি দিয়া হ’ব চিকিৎসালয়ৰ পৰা । বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি এইদৰেই উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
আজি মুকলি কৰি দিব লগা ৰোগী দুগৰাকী হৈছে ধুবুৰীৰ হজৰত আলী (৩৫) আৰু গোৱালপাৰাৰ শ্বামিৰুল হক (২২) । বৰ্তমানলৈকে অসমত মুঠ আক্ৰান্ত ৰোগী হৈছে ৩৭ গৰাকী । ইয়াৰে এগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানলৈকে মুঠ ২৯ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে । বৰ্তমান অসমত মুঠ ৭ গৰাকী ক’ভিড-১৯ ৰ সক্ৰিয় ৰোগী আছে ।