নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৃত দুই চাইবাৰ অপৰাধী ৭ দিন অপৰাধ শাখালৈ

🔹 প্রৱঞ্চনাৰে কোটি কোটি টকা লুণ্ঠন

ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ নৱেম্বৰ : ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা চাইবাৰ অপৰাধী চক্রৰ সৈতে জড়িত দুজন লোকক পুনৰ গ্রেপ্তাৰ কৰিছে অপৰাধ শাখাই৷ ধৃত লোক দুজন হৈছে পঞ্জাবৰ প্রভদ্বীপ সিং আৰু দিল্লীৰ গর্বিত জৈন৷ মহানগৰীৰ পৰা দেশ–বিদেশৰ নাগৰিকক প্রৱঞ্চনাৰে কোটি কোটি টকা আত্মসাৎ কৰা চাইবাৰ অপৰাধী চক্রৰ অন্যতম অভিযুক্ত তথা বর্তমানে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকা ৰাজন চিদানাৰ অন্যতম সহযোগী আছিল ধৃত দুয়োজন৷ ১৪ ছেপ্টেম্বৰত মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন প্রান্তত একেলগে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত দুয়োজনে মহানগৰীৰ এখন হোটেলত আশ্রয় লৈ আছিল৷ গোপন সূত্রৰ খবৰৰ ভিত্তিত আৰক্ষীৰ অভিযানৰ কথা গম পাই গাড়ীৰে স্থলপথেৰে পশ্চিমবংগ অভিমুখে দুয়োজনে পলায়ন কৰিছিল৷ কিছুদিন পূর্বে কাৰাগাৰত বন্দী হৈ থকা বন্ধুৰ খবৰ ল’বলৈ বুলি দুয়োজনে গুৱাহাটীলৈ আহিছিল৷ অৱশ্যে আৰক্ষীয়ে প্রথম অৱস্থাত দুয়োজনক চিনি পোৱা নাছিল যদিও ৰাজন চিদানাৰ স্বীকাৰোক্তিৰ ভিত্তিত দুয়োজনৰ বিষয়ে জানিবলৈ সক্ষম হৈ চানমাৰি আৰক্ষীয়ে যোৱা ১ নৱেম্বৰৰ সন্ধিয়া দুয়োজনক আটক কৰে৷ পৰহি দুয়োজনকে অপৰাধ শাখাই জেৰাৰ বাবে নিজৰ জিম্মাত লয়৷ আৰক্ষী সূত্রৰ পৰা জানিব পৰা মতে, দুয়োজনকে পৰহি দিনৰ ভাগত অপৰাধ শাখাৰ শীর্ষ বিষয়াৰ লগতে মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়ায়ো মাৰাথন জেৰা চলায়৷ আৰক্ষীৰ উপর্যুপৰি জেৰাত দুয়োজনে ৰাজন চিদানাৰ সৈতে দীর্ঘদিনীয়া বন্ধুত্ব থকাৰ কথা স্বীকাৰ কৰে৷ সূত্রটোৱে সদৰী কৰা মতে, চাইবাৰ অপৰাধী চক্রটোক বিভিন্ন সময়ত অর্থনৈতিকভাৱে সহায় আগবঢ়াইছিল ধৃত প্রভদ্বীপ আৰু গর্বিতে৷ যিহেতুকে প্রৱঞ্চনাৰে সংগ্রহ কৰা ধনবোৰ আন্তঃৰাষ্ট্রীয় হাৱালা চক্রৰ জৰিয়তে গুৱাহাটীৰ চাইবাৰ চক্রটোলৈ আহিছিল, ধৃত দুয়োজনে উক্ত ধন সংগ্রহ কৰি চৰকাৰ, কৰ বিভাগৰ চকুত নপৰাকৈ যোগান ধৰি আহিছিল মূল কাণ্ডাৰীসকলক৷ কালি দুয়োজনক গ্রেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় অপৰাধ শাখাই৷ আদালতে ধৃত দুয়োজনক সাত দিনৰ অপৰাধ শাখাৰ জিম্মালৈ প্রেৰণ কৰে৷ জানিব পৰা মতে, কাৰাবন্দী ৰাজন চিদানাৰ সৈতে মুখামুখিকৈ কালি প্রভদ্বীপ সিং আৰু গর্বিত জৈনক মাৰাথন জেৰা চলাব শীর্ষ বিষয়াই৷ প্রৱঞ্চনাৰে সংগ্রহ কৰা ধনবোৰ ক’ত কিদৰে বিনিয়োগ কৰা হৈছে, সেই সন্দর্ভত তথ্য যুগুত কৰাৰ চেষ্টা চলোৱা হ’ব বুলি বিশেষ সূত্রৰ পৰা জানিব পৰা গৈছে৷

You might also like