দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ : বাঘবৰত ভয়ংকৰ জুই
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : বাঘবৰৰ আগমন্দিয়াত শুকুৰবাৰৰ পুৱাই সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ বিশা মিয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। দুটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ লেলিহান শিখা আৰু ধোৱাই ছানি ধৰে অঞ্চলটি। অগ্নিকাণ্ডৰ ফলত প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট হোৱাৰ লগতে ঘৰখনৰ সকলো গুৰত্বপূৰ্ণ নথি-পত্ৰ পুৰি ছাৰখাৰ হৈ যায়। ভস্মীভূত হয় তিনিখনকৈ টিনপাতৰ ঘৰ। বিধ্বংসী জুইত ঘৰখনৰ পাচঁটা কৈ পশুধনো অগ্নিদগ্ধ হৈ দুৰ্ভাগ্যজনক ভাৱে মৃত্যু ঘটে। এই অভাৱনীয় ঘটনা সংঘটিত হোৱাৰ পিছতেই হাহাকাৰ লাগে দুৰ্ভোগীয়া পৰিয়ালটি মাজত। জুইত সৰ্বস্বান্ত হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ সদস্যসকল। বিদ্যুৎৰ শ্ব’ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় বাসিন্দাৰ। অৱশ্যে পৰৱৰ্তী সময়ত অগ্নিকাণ্ড স্থলীত মন্দিয়া আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম। যদিও এই ভয়াৱহ অগ্নিকাণ্ডৰ পৰা সৌভাগ্য ক্ৰমে ৰক্ষা পৰে চুবুৰীয়াৰ কেইবা খনো পৰিয়ালৰ ঘৰ-দুৱাৰ। জুইত সকলো নিঃশেষ হোৱা বিশা মিয়াৰ পৰিয়ালক এতিয়া ৰাইজে চৰকাৰক সহায়ৰ আহ্বান জনাইছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ