নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । যোৱানিশা ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই বৰালিমাৰীৰ পৰা ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সৰবৰাকাৰীৰ পৰা ড্ৰাগছভৰ্তি দুটা চাবোনৰ বাকচ জব্দ কৰে ৷ ড্ৰাগছখিনিৰ ওজন প্ৰায় ২৪.৬৩ গ্ৰাম। ধৃত ড্ৰাগছ সৰবৰাকাৰী দুটা হ’ল হবিবুৰ ইছলাম আৰু মহিবুৰ ৰহমান। বৰ্তমান ভূৰাগাঁও আৰক্ষী থানাত সৰবৰাকাৰী দুটা ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
প্ৰেৰক আবুল কালাম