নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লাহৰীঘাটৰ দেৱাগুৰিত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে নেকিবুৰ ৰহমান আৰু নাছিৰ উদ্দিন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা সন্দেহযুক্ত ড্ৰাগছভৰ্তি এটা চাবোনৰ বাকচ, দুখন বাইক আৰু নগদ ৪৭০০ টকা জব্দ কৰে। আজি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক আবুল কালাম

You might also like