নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

বাৰ্তা বুৰো, ৩০ মেঃ মৰিগাঁও নগৰৰ উপকণ্ঠ অঞ্চলত মুক্তভাৱে ড্ৰাগছৰ বেহা চলাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উঠিছে যে বিভিন্ন সময়ত মৰিগাঁও আৰক্ষীৰ একাংশ বিষয়াৰ খবৰী ৰূপে কাম কৰা এজন বিশেষ যুৱকৰ নেতৃত্বত মৰিগাঁও মহাবিদ্যালয়ৰ পৰা নাতিদূৰত এক বিশেষ ঘৰত দিনে-নিশাই চলিছে বৰবিহ ড্ৰাগছৰ মুকলি ব্যৱসায়। পুৱাৰ পৰা নিশালৈ বিভিন্ন যুৱক ছাত্ৰ সেই গৃহটোলৈ আহি ড্ৰাগছ গ্ৰহণ কৰাৰ অভিযোগ কৰিছে নাম প্ৰকাশত অনিচ্ছুক সচেতন ৰাইজে। ইয়াৰ মাজতে আজি মৰিগাঁও বৰিগাঁৱত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়।মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই বৰিগাঁও চাৰিআলিত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজন বৰিগাঁৱৰ ৰাহুল আৰু দলবাৰীৰ ৰাজীৱ আলী ওৰফে মিথুন বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰীকেইজনৰ পৰা ১৮টা ড্ৰাগছভৰ্তি কন্টেইনাৰ আৰু নগদ ধন জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে বৰিগাঁৱৰ ৰাহুল নামৰ সৰবৰাহকাৰীটোৰ ককায়েক নেচিম উৰফে টুটু কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহত জড়িত হৈ জেলৰ ভাত খাবলগীয়া হৈছিল। আনহাতে, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকা দুৰ্বল হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে যে দুই-এক আৰক্ষী বিষয়াৰ সঘন যোগাযোগত থকা এজন কুখ্যাত যুৱকে নেতৃত্ব দি আছে এই ড্ৰাগছ ৰেকেটৰ, যাৰ পৰিণাম ভুগিছে বহু যুৱকৰ পৰিয়ালে। আনহাতে, ড্ৰাগছৰ মুকলি বেহাৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও আৰক্ষী অধীক্ষকক দাবী জনাইছে সচেতন ৰাইজে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like