নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কামৰূপৰ দুখন শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : পশ্চিম কামৰূপৰ নগৰবেৰা উঃ মাঃ বিদ্যালয় আৰু হেকৰা উঃ মাঃ বিদ্যালয়ত আজিৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ |প্ৰতিবেশী দুয়োখন শিক্ষানুষ্ঠানতেই আজিৰ দিনটোত এই বিশেষ কাৰ্যসূচীক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশ বিৰাজ কৰে | পুৱাৰে পৰা দুয়োখন শিক্ষানুষ্ঠানৰে শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, অভিভাৱক-অভিভাৱিকা, মাতৃগোটৰ সদস্যা আদিৰ উপৰি ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, সম্বৰ্ধনা পৰ্ব আদি সম্পন্ন কৰে | ছাত্ৰ-ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে কেতবোৰ সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন কৰে | নগৰবেৰা উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসে পতাকা উত্তোলন কৰাৰ পাছতেই পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, অৱসৰপ্ৰাপ্ত শিক্ষক মদন চন্দ্ৰ পাঠকৰ উপৰি কেইবাগৰাকীকৈ জ্যেষ্ঠ শিক্ষকে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠা কালৰ পুৰোধা ব্যক্তিসকলক সুঁৱৰি শ্ৰদ্ধা নিবেদন কৰে | একেদৰে হেকৰা উঃ মাঃ বিদ্যালয়তো দিনজোৰাকৈ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হয় | শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ নীলকান্ত কম্বৰে পৰিচালনা কৰা এই বিশেষ কাৰ্যসূচীত উপস্থিত থাকে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উৎপল মেধি। সভাপতি মেধিয়ে নিজৰ ভাষণ কালত প্ৰতিষ্ঠা কালৰ প্ৰতিগৰাকী প্ৰয়াত, দূৰদৰ্শী অগ্ৰজলৈ শ্ৰদ্ধা জনাই কাৰ্যসূচী সফলকাম কৰিবলৈ ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতা কামনা কৰে | পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আদিৰ উপৰি শিক্ষানুষ্ঠানত প্ৰাংগণত সন্ধিয়া ৭৫ গছি বন্তি প্ৰজ্বলনৰো দিহা কৰা হয় | স্মৰ্তব্য যে  ১৯৫০ চনৰ আজিৰ দিনটোতে একাংশ বিদ্যানুৰাগী অগ্ৰজৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিল দুয়োখন শিক্ষানুষ্ঠান |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like