নিয়মীয়া বাৰ্তা, ১১ মে : নগাঁও জিলাৰ চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ দুজন কৰ্মচাৰীয়ে আজি এজন গ্ৰাহকৰ পৰা উৎকোচ লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে কৰ্মচাৰী দুজনক আটক কৰে ৷ জানিব পৰা মতে, এজন লোকে এটা পানী মটৰত অবৈধভাৱে বিদ্যুত সংযোগ কৰাৰ অভিযোগত অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত প্ৰবন্ধকৰ কাৰ্যালয়ৰ অধীনৰ চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ ঠিকাভিত্তিক কৰ্মচাৰী মিন্টু বৰা আৰু মিটাৰ ৰীডাৰ ভাস্কৰজ্যোতি শৰ্মাই ধনদাবী কৰিছিল বুলি অভিযোগ উঠিছে ৷ চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ ঠিকাভিত্তিক কৰ্মচাৰী মিন্টু বৰাই আজি উক্ত লোকজনৰ পৰা ভেলেউগুৰি অঞ্চলত নগদ সাত হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে আটক কৰে ৷ পৰৱৰ্তী সময়ত মিন্টু বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ মিটাৰ ৰীডাৰ ভাস্কৰজ্যোতি শৰ্মাক নগাঁৱৰ বৰঘাটৰ পৰা আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷ পৰৱৰ্তী সময়ত দুয়োজন বিদ্যুত বিভাগৰ কৰ্মচাৰীক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে চামগুৰি লোকনিৰ্মাণ বিভাগৰ ভৱনলৈ আনি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে, দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানকাৰী দলটোৱে ধৃত বিদ্যুত বিভাগৰ কৰ্মচাৰী দুজনক জেৰাৰ অন্তত গুৱাহাটীলৈ লৈ যাব বুলি এক সূত্ৰই জানিবলৈ দিয়ে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা