নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰী আৰক্ষীৰ জালত দুই ভুৱা আধাৰ কাৰ্ড প্ৰস্তুতকৰ্তা

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই বৃহস্পতিবাৰে সন্ধিয়া থানাখনৰ এলেকাধীন গুণাইবৰী গাঁৱৰ পৰা ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰি থকা অৱস্থাত পূৰবী দাস আৰু অসীম বৰ্মন নামৰ দুজন লোকক হাতে-লোটে কৰায়ত্ত কৰে। পংকজ দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে এখন টিয়াগ’ বাহন, ফিংগাৰ স্কেনাৰ মেচিন, ২টা লেপটপ, প্ৰিন্টাৰ আৰু আধাৰ সংক্ৰান্তীয় বহুতো আপত্তিজনক নথি-পত্ৰও জব্দ কৰে। ধৃত দুজনৰ ঘৰ পলাশবাৰী আৰু আজাৰাত বুলি জনা গৈছে। আৰক্ষীয়ে দুয়োকে জে’ললৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়া পংকজ দাসৰ চাইবাৰবিৰোধী এনে কাৰ্যক অঞ্চলটোৰ জনসাধাৰণে প্ৰশংসা কৰিছে।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like