নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত নকল সোণৰ নাও সৰবৰাহকাৰী দুজনক আটক

🔹 মূল অভিযুক্ত ফিৰদৌছ আলী ওৰফে ৰাজু পলাতক

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰ : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত কালি সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ ঘটনাৰ লগত জড়িত লক্ষীমপুৰৰ কুখ্যাত নকল সোণ সৰবৰাহকাৰী কুজৰাত আলী আৰু টোটো চালক আছিমুদ্দিন শ্বেখক আৰক্ষীয়ে আটক কৰে যদিও ঘটনাৰ মূল অভিযুক্ত ফিৰদৌছ আলী ওৰফে ৰাজু পলাতক বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সবিশেষ জানিব পৰা মতে, গোসাঁইগাঁও সাপকাটা নিৱাসী ফিৰদৌছ আলী ওৰফে ৰাজু নামৰ প্ৰৱঞ্চক এজনে মহাৰাষ্ট্ৰৰ আশিস ৰাজু চাওৰা আৰু গৌৰৱ গিৰামকাৰক ফোনত যোগাযোগ স্থাপন কৰি কম দামত সোণৰ নাও দিয়াৰ প্ৰলোভন দেখুৱাই গোসাঁইগাঁৱলৈ মাতি আনে ৷ সেইমতে কালি মহাৰাষ্ট্ৰৰ পৰা আশিস ৰাজু চাওৰা আৰু গৌৰৱ গিৰামকাৰ গোসাঁইগাঁৱত উপস্থিত হৈ আঢ়ৈ লাখ টকা ফিৰদৌছ আলী ওৰফে ৰাজুক প্ৰদান কৰি সোণৰ নাওখন সংগ্ৰহ কৰে যদিও নকল সোণ বুলি সন্দেহ ওপজাত গোসাঁইগাঁও আৰক্ষীক ঘটনা সম্পৰ্কে অৱগত কৰে ৷ সম্প্ৰতি ঘটনাৰ মূল অভিযুক্ত ফিৰদৌছ আলী ওৰফে ৰাজুক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

প্ৰেৰক ৰুবুল পাঠক

You might also like