নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত বজ্ৰপাতত দুই কৃষকৰ মৃত্যুঃ পুৰুষ-মহিলাসহ পাঁচজন আহত

নিয়মীয়া বাৰ্তা, ৯ জুনঃ দীৰ্ঘদিনীয়া খৰাং বতৰৰ অন্তত এজাক বৰষুণৰ অপেক্ষাত সাধাৰণ ৰাইজ উদগ্ৰীৱ হৈ থকাৰ সময়তেই  আজি পুৱাৰ ভাগত অহা বৰষুণজাকৰ মাজতেই শিৱসাগৰৰ দুগৰাকী দৰিদ্ৰ কৃষকে বজ্ৰপাতত থিতাতে কৰুণ মৃত্যুক সাবটি লোৱাৰ লগতে আন পাঁচজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ হেঁপাহৰ সোণগুটি বুটলিবলৈ গৈ বজ্ৰৰ আঘাতত নিহত দুৰ্ভগীয়া কৃষক দুগৰাকী শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত পাণবেচা লৰাপোতা চেনীমৰা মিচিং গাঁও নিবাসী অজয় য়েইন (৩৬) আৰু দিগন্ত মিলি ( ২৮) বুলি জানিব পৰা গৈছে ৷ এই ঘটনাত আহত ব্যক্তিসকল হৈছে বিক্ৰম সিং য়েইন, ৰূমী মিলি ( ১৯), গণেশ মিলি (২২) ,পুতলা য়েইন আৰু উৰ্মিলা য়েইন ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে জৰুৰী সেৱাৰ সহায়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে এগৰাকীৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে, এটা সপ্তাহৰ পূৰ্বে ঘৰৰ সমীপতে থকা পথাৰত ধান দাই শুকাবলৈ মেলি থৈ অহা ধানৰ মুঠিসমূহ সংগ্ৰহ কৰিবৰ বাবে আজি পুৱা অজয় য়েইন, দিগন্ত মিলিকে ধৰি গাঁওখনৰ একাংশ পুৰুষ-মহিলা পথাৰলৈ গৈছিল ৷ আকাশত ঘনে ঘনে বাজি উঠা মেঘৰ গুমগুমনি আৰু পাতলীয়া বৰষুণজাকৰ মাজতেই জুইসদৃশ পোহৰ সেই স্থানত পৰে ৷ লগে লগেই প্ৰায় পঞ্চাশ মিটাৰ ব্যাসাৰ্ধৰ মুকলি পথাৰখনত ধানৰ মুঠি সংগ্ৰহ কৰি থকা অজয় য়েইন আৰু দিগন্ত মিলি থিতাতে নিহত হোৱাৰ লগতে আন পাঁচগৰাকী যুৱক-যুৱতী গুৰুতৰভাৱে আহত হয় ৷ ৰাইজে ততাতৈয়াকৈ জৰুৰী সেৱাৰ সহায়ত পাঁচোগৰাকী আহতক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ নিহত অজয় য়েইনে ইহসংহাৰত পত্নীসহ  দুগৰাকী ছোৱালী আৰু এটা লৰা এৰি থৈ যোৱাৰ বিপৰীতে দিগন্ত মিলিয়ে পত্নীৰ লগতে এটি তিনিমহীয়া নৱজাতকক এৰি থৈ গৈছে ৷ নিহত অজয়, দিগন্তৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মিচিং দৃৰবৃ কৌবাঙে ৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মিচিং দৃৰবৃ কৌবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলেই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতৰ আশু আৰোগ্য কামনা কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like