নিয়মীয়া বাৰ্তা, ১৩ জুলাই : বিগত এমাহ ধৰি ডিব্ৰুগড় বিমান বন্দৰত যেন কিবা কালিমা লাগিব ধৰিছে৷ ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰিবলগীয়া ইখনৰ পিছত ইখন বিমান আকাশমাৰ্গৰ পৰাই গুৱাহাটীলৈ উভতি যাবলগীয়া হোৱা ঘটনাত সম্প্ৰতি ডিব্ৰুগড় অভিমুখী বিমান যাত্ৰীসকলৰ নিৰাপত্তাৰ দিশত আশংকা ব্যক্ত কৰিব ধৰিছে ৷ উল্লেখ্য যে চলিত মাহত তিনিখনকৈ বিমান ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰি উভতি যাবলগীয়া হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই আজি পুনৰ ডিব্ৰুগড় অভিমুখী দুখন বিমান মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰি উভতি যাবলগীয়া হ’ল গুৱাহাটীলৈ। প্ৰতিকূল বতৰৰ বাবে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰিব নোৱাৰি আকাশমাৰ্গৰ পৰাই উভতিল দিল্লী-ডিব্ৰুগড়, চেন্নাই-গুৱাহাটী-ডিব্ৰুগড় বিমান। মোহনবাৰী বিমানবন্দৰত কোনো ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম নথকাৰ বাবেই প্ৰতিকূল বতৰত বিমানকেইখন অৱতৰণ কৰিব নোৱাৰি পাইলটে আকাশমাৰ্গৰ পৰাই গুৱাহাটীলৈ বিমানকেইখন উভতাই নিবলগীয়া হয় ৷ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰটো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আজি দীৰ্ঘ বছৰে প্ৰকল্পৰ কাম চলি থকা বুলি যি ভেকোভাওনা চলি আহিছে সেয়া সকলোৱে জ্ঞাত। তদুপৰি সাম্প্ৰতিক সময়ত বিমান বন্দৰ কৰ্তৃপক্ষৰ কেতবোৰ গাফিলতিৰ বাবেই এতিয়া ইখনৰ পিছত সিখন বিমানৰ যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া হোৱাত বিমান যাত্ৰীসকল ক্ষুব্ধ হৈ পৰিছে ৷
প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই