নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰ : ৰে’ল নগৰী লামডিঙত বহি:ৰাজ্যৰ ম’বাইল চোৰৰ সন্ত্ৰাস । ৰে’লত সঘনাই হৈ থকা ম’বাইল ফোন চুৰিৰ ঘটনাই অতিষ্ঠ কৰিছে যাত্ৰী তথা আৰক্ষীক। বৃহস্পতিবাৰে পুৱাৰ ভাগত হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত লামডিং আৰক্ষীয়ে
এক গোপন সূত্ৰৰ পম খেদি লামডিঙত চলাইছিল অভিযান । অভিযানত তিনিজনকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ঘটনা অনুসৰি যোৱা তিনি দিন ধৰি বহি:ৰাজ্যৰ ঝাৰখণ্ডৰ পৰা আহি দুজন যুৱকে লামডিঙৰ এটা ভাৰাঘৰত ভাৰাতীয়া হিচাপে বাহৰ পাতিছিল। ইয়াৰ পৰাই যাত্ৰীবাহী ৰে’লত সহজতে মোবাইল ফোন চুৰি কৰি আহিছিল। আজি লামডিং আৰক্ষীৰ অভিযানত ঘৰটোৰ পৰা সুভম কুমাৰ মাহাতো আৰু চনুকুমাৰ নুনিয়া নামৰ দুজন যুৱকক আটক কৰাৰ লগতে এই গেংটোৱে চুৰি কাৰ্যত ব্যৱহাৰ কৰা এজন কিশোৰকো আটক কৰে যদিও বৰ্তমান ঘৰলৈ পঠিয়াই দিয়ে কিশোৰগৰাকীক । আনফালে, আৰক্ষীয়ে গেংটোৰ পৰা ৪৯টা দামী মোবাইল ফোন উদ্ধাৰ কৰে । জব্দ কৰা মোবাইল ফোনকেইটাৰ বজাৰ মূল্য ডেৰ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। বৰ্তমান এই ঘটনা সন্দৰ্ভত লামডিং আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই ঘটনাত বহি:ৰাজ্যৰ লগতে অসমতো ম’বাইল চোৰৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি উঠাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।
প্ৰেৰক বিণ্টু ৰঞ্জন কেওট