নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ যোৱা বছৰৰ তুলনাত এইবাৰৰ মেট্ৰিক পৰীক্ষাত ধুবুৰী জিলাৰ সামগ্ৰিক ফলাফল কিছু পৰিমাণেও হলেও উন্নত। হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, মেট্ৰিকত ৫৪.৮৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰত ষষ্ঠ স্থানত আছে জিলাখন। মেট্ৰিকত অৱতীৰ্ণ হোৱা জিলাখনৰ সৰ্বমুঠ ২৩,৩৯৯ গৰাকী পৰীক্ষাৰ্থীৰ ১২,৮৪৪ গৰাকী উত্তীৰ্ণ হৈছে। ইয়াৰে ৩,৩১৫ গৰাকী প্ৰথম বিভাগ আৰু ৬,৭৬৮ গৰাকী দ্বিতীয় বিভাগ পাই উত্তীৰ্ণ হোৱাৰ বিপৰীতে তৃতীয় বিভাগ লাভ কৰিছে ২,৫১০ গৰাকীয়ে। ইয়াৰ বিপৰীতে ধুবুৰীৰ ঐতিহ্যমণ্ডিত চৰকাৰী ল’ৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ মেট্ৰিকৰ ফলাফল অত্যন্ত পুতৌজনক। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতি বিজৰিত এইখন বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ মাথো ৪০ শতাংশ। প্ৰাপ্ত তথ্য মতে, বিদ্যালয়খনৰ ২২২ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মাথো ৮৯ গৰাকী উত্তীৰ্ণ হৈছে। ইয়াৰে ৩১ গৰাকী প্ৰথম বিভাগ, দ্বিতীয় বিভাগ ৪৬ গৰাকী আৰু ১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। অৱশ্যে বিদ্যালয়খনৰ ১২ গৰাকী ছাত্ৰই ষ্টাৰ মাৰ্কচো পাইছে। চৰকাৰীখণ্ডৰ এইখন বিদ্যালয়ৰ অনুৰূপে ধুবুৰী চহৰৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰো মেট্ৰিকৰ ফলাফল অত্যন্ত শোচনীয়। জানিব পৰা মতে, এইবাৰৰ মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ ৩৩০ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মাথো ৬৪ গৰাকী উত্তীৰ্ণ হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী