বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : নগাঁও জিলাৰ বামুণীৰ এখন শিক্ষানুষ্ঠানত দুই শিক্ষকে সানিলে কালিমা। শিক্ষানুষ্ঠান পৰিণত হ’ল ৰণক্ষেত্ৰত। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিক্ষানুষ্ঠানখনত। বামুণী মধ্য ইংৰাজী বিদ্যালয়ত দুই শিক্ষকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। সহকাৰী শিক্ষক মধুসূদন গুপ্তাই নৱ বৰাক উপৰ্যুপৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আক্ৰমণৰ ঘটনাত শিক্ষক নৱ বৰাই মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনা সংঘটিত কৰা অভিযুক্ত শিক্ষকজনক কাৰ্যালয়ত তলা মাৰি আবদ্ধ কৰি থয় স্থানীয় ৰাইজে। দুই শিক্ষকসহ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক ৰাইজৰ অভিযোগৰ ভিত্তিত আটক কৰি পুৰণিগুদাম আৰক্ষী চকীলৈ লৈ যায় আৰক্ষীৰ এটা দলে।
প্ৰেৰক কনক হাজৰিকা