‘নিয়া’ৰ জিম্মালৈ গ্ৰেপ্তাৰ হোৱা দুই আইছিছ সন্ত্ৰাবাদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ কালি ধুবুৰীত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আইছিছৰ মুৰব্বী সন্দৰ্ভত আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এক সংবাদ মেল সম্বোধন কৰে। তেওঁ কয়, NIAৰ জিম্মাত লৈছে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২ আইছিছ সন্ত্ৰাসবাদীক। নিশাই NIAই জিম্মাত লৈছে আজমল ফাৰুকী আৰু অনুৰাগ সিঙক। NIAৰ ম’ষ্ট ৱান্টেড আছিল আইছিছ ভাৰতৰ মুৰব্বী হৰিশ আজমল ফাৰুকী। বুধবাৰে পুৱতিনিশা ধুবুৰীৰ ধৰমশালাত গ্ৰেপ্তাৰ হৈছিল ২ সন্ত্ৰাসবাদী। ১৫ দিনৰ পূৰ্বে NIAৰ জৰিয়তে খবৰ লাভ কৰিছিল। আইছিছ সন্ত্ৰাসবাদী দুটা ধুবুৰী থকাৰ খবৰ লাভ কৰিছিল। সেই অনুসৰি অসম আৰক্ষী ১৮ মাৰ্চত ধুবুৰীলৈ ৰাওনা হৈছিল। তাৰ পিছত কালি ধৰিবলৈ সক্ষম হয় সন্ত্ৰাসবাদী দুটাক। ডিজিপিয়ে সদৰী কৰা মতে NIAই বাকী ব্যৱস্থা ল’ব। তদন্ত চলি আছে। দুয়োৰে পৰা আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে। লগতে মবাইলো জব্দ কৰা হৈছে। উল্লেখ্য যে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চক দায়িত্ব দিয়া হৈছিল দুই দুৰ্ধৰ্ধ আইছিছ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ।