উপযুক্ত প্রার্থীক বঞ্চিত কৰি দুই কনিষ্ঠ বিষয়াক আইএএছলৈ নির্বাচন
ৰাজ্যৰ আমোলাতন্ত্রৰ হৃদপিণ্ডতে ব্যাপক অনিয়ম
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ ৰাজ্যৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ তথা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম লোকসেৱা আয়োগক নিকা কৰি সংস্কাৰ সাধন কৰাৰ জয়গান গাই থকাৰ সময়তে অসম অসামৰিক সেৱাৰ বিষয়াক ভাৰতীয় প্রশাসনীয় সেৱালৈ (আই এ এছ) মনোনীত কৰাৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যত কর্মৰত প্রশাসনীয় সেৱাৰ একাংশ বিষয়াই এই অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য যে যোৱা ১৫ মার্চত অসম অসামৰিক সেৱাৰ দুগৰাকী বিষয়া আই এ এছলৈ মনোনীত কৰা হয়৷ যোগ্যতা অনুসৰি অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াক ভাৰতীয় প্রশাসনীয় সেৱালৈ মনোনীত কৰাটো এক চৰকাৰী বিধি৷ এইক্ষেত্রত যোগ্যতাৰ ভিত্তিত অসামৰিক সেৱা বহির্ভূত অন্যান্য বিভাগৰ জ্যেষ্ঠ বিষয়াকো আই এ এছলৈ মনোনীত কৰাটো স্বাভাৱিক প্রক্রিয়া৷ বিগত সময়ত কিছু বছৰ ধৰি এই প্রক্রিয়া বন্ধ হৈ আছিল যদিও বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ শাসনলৈ অহাৰ পাছত এই প্রক্রিয়া পুনৰ আৰম্ভ কৰাৰ লগতে যোগ্য বিষয়াক বিধি–নিয়ম অনুসৰি আই এ এছলৈ মনোনীত কৰা হ’ব বুলি আশা কৰা হৈছিল৷ কিন্তু বিগত বছৰৰ মনোনয়নৰ পাছত এই বর্ষত দুগৰাকী কনিষ্ঠ বিষয়াক আই এ এছলৈ মনোনীত কৰাৰ পাছত এতিয়া ৰাজ্যৰ প্রশাসনীয় সেৱাৰ বিষয়াসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ আনকি অসম অসামৰিক সেৱাৰ একাংশ বিষয়াই ৰাজ্যৰ মুখ্য সচিবলৈ পত্রযোগে অসন্তুষ্টিও ব্যক্ত কৰিছে৷ উল্লেখ্য যে এই বর্ষত শ্রম বিভাগত কর্মৰত অনুসূয়া দত্ত বৰুৱা তথা বিত্ত (কৰাৰোপণ) শাখাৰ পৰা ভাৰস্বতী দাসক ভাৰতীয় প্রশাসনীয় সেৱালৈ নির্বাচিত কৰা হৈছে৷ জানিব পৰা মতে, এই বর্ষৰ ভাৰতীয় প্রশাসনীয় সেৱালৈ মনোনীত কৰাৰ বাবে অনুষ্ঠিত সাক্ষাৎকাৰৰ বাবে মুঠ ৮জন প্রার্থীক আমন্ত্রণ জনোৱা হৈছিল৷
ইয়াৰ ভিতৰত শিক্ষা বিভাগৰ এজন, শ্রম বিভাগৰ এজন, বিত্ত (কৰাৰোপণ) শাখাৰ দুজন, বিত্ত বিভাগ (বাজেট)ৰ এজন, জ্যেষ্ঠ বিত্তীয় পৰামর্শদাতা এজন আৰু সমবায় বিভাগৰ দুজন জ্যেষ্ঠ বিষয়া আছিল৷ ইয়াৰ পৰা অনুসূয়া দত্ত বৰুৱা আৰু ভাৰস্বতী দাসক আই এ এছলৈ মনোনীত কৰা হয়৷ উল্লেখ্য যে এই দুয়োগৰাকী বিষয়াই সাক্ষাৎকাৰত অৱতীর্ণ হোৱা সকলো প্রার্থীতকৈ কনিষ্ঠ বুলি অভিযোগ উত্থাপন হৈছে৷ আনহাতে, এগৰাকী প্রার্থীৰ ২০১৮–১৯ বর্ষৰ বিভাগীয় গোপন প্রতিবেদনত সবাতোকৈ নিম্নমানৰ গ্রেড লাভ কৰা বুলিও অভিযোগত প্রকাশ পাইছে৷ জ্যেষ্ঠতা আৰু যোগ্যতাক বঞ্চিত কৰি এই দুয়োগৰাকী প্রার্থীক মনোনীত কৰাৰ স্বার্থতেই সাক্ষাৎকাৰত অৱতীর্ণ হোৱা আনকেইজন প্রার্থীক নামমাত্র নম্বৰ দি এই দুয়োগৰাকী বিষয়াক অধিক নম্বৰ দিয়া হৈছিল, যাতে এই নম্বৰৰ জৰিয়তে বিষয়া দুগৰাকীৰ যোগ্যতাৰ মাপকাঠীৰ ক্ষেত্রত থকা ঋণাত্মক দিশসমূহ ঢ়াকি ৰাখিব পৰা যায়৷ এই কৌশলৰ জৰিয়তেই কনিষ্ঠ বিষয়া দুগৰাকীক যোগ্য তথা জ্যেষ্ঠ প্রার্থীক বঞ্চিত কৰি আই এ এছলৈ মনোনীত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেন্দ্রীয় লোকসেৱা আয়োগৰ ভূমিকাক লৈও এতিয়া প্রশ্ণ উত্থাপন হৈছে৷ উল্লেখ্য যে এই দুয়োগৰাকী কনিষ্ঠ বিষয়াক আই এ এছলৈ মনোনীত কৰাৰ ক্ষেত্রত ৰাজ্য প্রশাসনৰ এজন শীর্ষ আমোলা আৰু মুখ্যমন্ত্রীৰ সোঁৱে–বাঁৱে থকা প্রার্থিত্ববঞ্চিত এজন বিজেপি নেতাৰ ভূমিকাক লৈ চর্চা আৰম্ভ হৈছে৷ ৰাজ্য প্রশাসনৰ শীর্ষ আমোলা আৰু মুখ্যমন্ত্রীৰ ঘনিষ্ঠ প্রার্থিত্ববঞ্চিত গুৱাহাটীৰ বিজেপি নেতাজনৰ হেঁচাৰ বাবেই ভাৰতীয় প্রশাসনীয় সেৱালৈ নির্বাচনৰ ক্ষেত্রত গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ দৰাচলতে এই দুগৰাকী হাই প্রফাইল ব্যক্তিৰ আশিসধন্য হোৱা বাবেই ৰাজ্যৰ দুগৰাকীকৈ কনিষ্ঠ বিষয়াই আই এ এছলৈ মনোনীত হ’ল বুলি এতিয়া ৰাজ্য প্রশাসনত ব্যাপকভাৱে চর্চিত হৈছে৷ ৰাজ্যৰ আমোলাতন্ত্রৰ হূদপিণ্ডতে সংঘটিত এনে ব্যাপক অনিয়মে এতিয়া স্বচ্ছ আৰু নিকা প্রশাসনৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে৷