নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই বিবাহিত নাৰী-পুৰুষেও থাকিব পাৰে লিভ-ইনত

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ পতি-পত্নীয়ে নহয়, দুই বিবাহিত পুৰুষ-মহিলাই বিচাৰিলে একেলগে বাস বা লিভ ইন কৰিব পাৰে৷ কিন্তু পিছত পুৰুষ সংগীৰ বিৰুদ্ধে বিয়াৰ প্রতিশ্রুতি দি ধর্ষণ কৰা বুলি অভিযোগ আনিব নোৱাৰিব৷ এক গোচৰৰ পৰিপ্রেক্ষিতত এই পর্যবেক্ষণ আগবঢ়ালে দিল্লী উচ্চ ন্যায়ালয়ে৷ বিচাৰপতি স্বর্ণাকান্ত শর্মাৰ বিচাৰপীঠে উল্লেখ কৰিছে যে স্বামী–স্ত্রী নহয়, দুই প্রাপ্তবয়স্ক বিবাহিত পুৰুষ আৰু মহিলাই বিচাৰিলে একেলগে বাস কৰিব পাৰে৷ সমাজৰ দৃষ্টিত সেয়া বৈধ নহ’লেও আইনৰ দৃষ্টিত দোষণীয় কাম নহয়৷ নিজৰ ইচ্ছা অনুসৰি অন্য বিবাহিত পুৰুষৰ সৈতে বিবাহিতা মহিলা এগৰাকীয়ে একেলগে বাস কৰাৰ পিছত কিন্তু বিয়াৰ প্রতিশ্রুতি দি সহবাস কৰা বুলি অভিযোগ আনিব নোৱাৰে৷ দিল্লী উচ্চ ন্যায়ালয়ৰ এই পর্যবেক্ষণক লৈ চর্চ চলিছে৷

You might also like