তিনিচুকীয়াত লাচিত দিৱসৰ নামত দাবী ধমকিৰে চান্দা সংগ্ৰহ; দুজনক আটক
নিয়মীয়াবাৰ্তা, ১৪ নৱেম্বৰ : সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে লাচিত দিৱস পালন বাবে বিভিন্ন কাৰ্যসূচীৰে জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ডিব্ৰুগড় জিলাৰ তৈল নগৰী দুলিয়াজানতো বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ডিব্ৰুগড় জিলা সমিতিৰ সম্পূৰ্ণ আতিথ্যত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়াকৈ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ কিন্তু, তাৰ মাজতেই বীৰ লাচিত সেনাই কেন্দ্ৰীয়ভাৱে দুলিয়াজানত উদযাপিত কৰিবলৈ লোৱা লাচিত দিৱসৰ বাবে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত সংগঠনটোৰ সদস্যসকলে দাবি ধমকিৰে চান্দা সংগ্ৰহৰ এক অভিযোগ উত্থাপন হৈছে। এনে চান্দা সংগ্ৰহক লৈ দেওবাৰে তিনিচুকীয়া জিলাৰ পানীতোলা টাউনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি লাচিত দিৱসৰ বাবে চান্দা সংগ্ৰহ কৰাৰ সময়ত দাবী কৰা ধন দিবলৈ অপৰাগ হোৱাত এজন ব্যৱসায়ীক মাৰিবলৈ উদ্যত হোৱাত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হৈছিল ৷ কিছুদিন পূৰ্বে পানীতোলাৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানত গোহাৰি পত্ৰৰ লগতে দুই হাজাৰ টকাৰ পৰা পাঁচ হাজাৰ টকালৈকে নিৰ্দিষ্ট কৰা চান্দাৰ ৰচিদ বীৰ লাচিত সেনাৰ এটা দলে আগতীয়াকৈ দি গৈছিল ৷ দেওবাৰে এই চান্দা নিবলৈ অহাৰ সময়তে দাবী কৰা চান্দা দিবলৈ অপৰাগ হোৱা এজন ব্যৱসায়ীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় লাচিত সেনা আৰু এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ পাছতেই ব্যৱসায়ীসকলে সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা স্থলীত তিনিচুকীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে উপস্থিত হৈ ব্যৱসায়ীসকলক আশ্বাস প্ৰদান কৰাত পথ অৱৰোধ উঠাই লয়। আৰক্ষীয়ে সমগ্ৰ ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখি দেওবাৰে নিশাই দুজন যুৱকক নিজৰ জিম্মাত লয়। উল্লেখযোগ্য যে, পানীতোলাৰ সৰহসংখ্যক ব্যৱসায়ীক লাচিত সেনাই যি দুই হেজাৰৰ পৰা পাঁচ হেজাৰ চান্দা দাবী কৰা ৰচিদ প্ৰদান কৰে তাত কেন্দ্ৰীয় সমিতি, জয়শ্ৰী এপাৰ্টমেণ্ট, জু ৰোড বুলি উল্লেখ আছে । পথ অৱৰোধৰ যোগেদি ব্যৱসায়ীসকলে এইদৰে চান্দা সংগ্ৰহৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
প্ৰেৰক: সুৰজ দাস, তিনিচুকীয়া