নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধৰ্ষণ কৰি হত্যা কৰা হৈছিল অভয়াকুটিত ৰাভা সম্প্রদায়ৰ দুই নাবালিকাক

নিয়মীয়া বাৰ্তা ১৫ জুনঃ কোকৰাঝাৰ জিলাৰ অভয়াকুটিত ৰাভা সম্প্রদায়ৰ দুই নাবালিকাৰ ৰহস্যজনক আত্মহননৰ ঘটনাৰ পোহৰলৈ আহিল ৰহস্য। মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে এই ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি সদৰী কৰিছে ৷

এই সন্দৰ্ভত বিটিআৰৰ আইজিপি ড৹ এল আৰ বিষ্ণৈইয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰা বুলি উল্লেখ কৰিছে ।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ অভয়াকুটিত ৰাভা সম্প্রদায়ৰ দুই সম্পর্কীয় ভগ্নীয়ে ৰহস্যজনকভাৱে এডাল গছতে দুই সম্পর্কীয় ভগ্নীয়ে চিপ লৈ আত্মহত্যা কৰাৰ কৰুণ ঘটনাৰ পাছত দেওবাৰে মৃতকৰ ঘৰত উপস্থিত হৈছিলগৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রী ড০ শর্মাই বি টি আৰৰ আই জি পি ড০ এল আৰ বিষ্ণই, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষককে ধৰি উচ্চপদস্থ বিষয়াসকলক লৈ দুর্ভগীয়া পৰিয়াল দুটাৰ সদস্যৰ স’তে আলাপ–আলোচনা কৰি তাৎক্ষণিক তদন্তৰ নির্দেশ দিছিল৷ ইয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাবালিকা দুগৰাকী ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা বুলি টুইট কৰে।

ইফালে আৰক্ষীয়ে বর্তমানলৈকে সাতজন যুৱকক ঘটনা সংক্রান্তক আটক কৰি তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে৷ এই সন্দর্ভত কোকৰাঝাৰ থানাত ৰজু হোৱা গোচৰ নং ৪৪০/২০২১ মর্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/৩০২ মর্মে সাতজনক গ্রেপ্তাৰ কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে৷

You might also like