মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ দুই কুখ্যাত চাইবাৰ অপৰাধী
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলোৱা অভিযানত মৈৰাবাৰীৰ পৰা আজি গ্ৰেপ্তাৰ হয় দুই কুখ্যাত চাইবাৰ অপৰাধী। ধৃত চাইবাৰ অপৰাধী দুটা ক্ৰমে ইনামুল হক আৰু হাছেন আলী। ধৃত ইনামুল হকৰ ঘৰ তাতিকটা গাঁৱত আৰু হাছেন আলীৰ ঘৰ উলুবাৰী গাঁৱত। দীৰ্ঘ দিন ধৰি এই কুখ্যাত চাইবাৰ অপৰাধী দুটাই চাইবাৰ অপৰাধৰ লগত জড়িত হৈ বহু লোকৰ পৰা ধন সৰাধ কৰি আহিছিল। বৰ্তমান মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত চাইবাৰ অপৰাধী দুটাক। আৰক্ষীৰ দলটোৱে কিছু আপত্তিজনক নথি পত্রও জব্দ কৰিছে ধৃত আচামী দুটাৰ কবলৰ পৰা।
প্ৰেৰক তাৰিকুল ইছলাম