নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফুত যুৱতী হত্যাকাণ্ডত জড়িতৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

🔹 নিশা সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মূৰত গুলীয়াইছিল দুৰ্বৃত্তই

বিশেষ বাৰ্তা, ১৫ জুন : ডিফু আৰক্ষী থানাৰ অন্তৰ্গত আৰ্লং লাংছ’ৰ শুকুৰি তিছ’পীৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত দুজনক আটক কৰিছে আৰক্ষীয়ে । তদন্তৰ খাতিৰত এই পৰ্যন্ত নাম প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী । হত্যাকাণ্ডৰে দুয়ো জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । দুয়োকে আদালতত হাজিৰ কৰাই চাৰি দিনৰ জিম্মাত লৈছে আৰক্ষীয়ে ।‌ হত্যাকাণ্ডত ব্যৱহাৰ হোৱা ৭.৫৬ পিষ্টলটো বৰ্তমানেও উদ্ধাৰ হোৱা নাই । যোৱা ১১ জুনৰ নিশা প্ৰায় এক বজাত সংঘটিত হোৱা হত্যাকাণ্ডটোৰ তদন্ত কৰাৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱাৰ (অপৰাধ)ৰ নেতৃত্বত গঠন কৰা হৈছে এছ আই টি । হত্যাকাণ্ড সন্দৰ্ভত ডিফু আৰক্ষী থানাত ৩৯/২৪ নম্বৰত গোচৰ ৰুজু হৈছে । হত্যাকাণ্ডৰ কাৰণ সম্পূৰ্ণ তদন্তৰ অন্ততহে পোহৰলৈ আহিব । কাৰ্বি আংলঙত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডত প্ৰাণ হেৰুৱায় এগৰাকী যুৱতীয়ে । ডিফুৰ ১২নং ৱাৰ্ডৰ আৰ্লং লাংছ’ত সংঘটিত হৈছিল এই ঘটনা । যোৱা ১১ জুনৰ নিশা ঘৰৰ ভিতৰতে যুৱতীগৰাকীক গুলীয়াই হত্যা কৰা হৈছিল। শুকুৰি তিছ’পী নামৰ ২৩ বছৰীয়া যুৱতীগৰাকীক কোনে-কিয় শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে, সেয়া এতিয়াও পোহৰলৈ অহা নাই। নিশা প্ৰায় এক বজাত শুই থকা অৱস্থাত দুৰ্বৃত্তই যুৱতীগৰাকীক গুলীয়াই হত্যা কৰিছিল । ডিফুত দুই ভগ্নীসহ বসবাস কৰিছিল যুৱতীগৰাকীয়ে । নিশা কেঁচা ঘৰত সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই । ঘটনাত চাঞ্চল্যৰ সৃষ্টি হয় ডিফুৰ লগতে দুই পাৰ্বত্য জিলাত । এনে জঘন্য হত্যাকাণ্ডৰ স’তে কোন জড়িত, সেয়া নিশ্চিত হ’ব পৰা নাছিল কাৰ্বি আংলং জিলা আৰক্ষী । উচ্চ পৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ বাবে গঠন কৰা হৈছিল এছ আই টি । ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও এলেকাৰ বিৰৱাৰৰ বাসিন্দা উক্ত পৰিয়ালটোৰ তৃতীয়গৰাকী সন্তান আছিল শুকুৰি তিছ’পী । পিতৃয়ে মাত্ৰ ডেৰ মাহ পূৰ্বে কাৰ্বি আংলং জিলা সদৰ চহৰৰ গাতে লাগি থকা ডিফু-লামডিং পথৰ ১২ নম্বৰ ৱাৰ্ডৰ আৰ্লং লাংছ’ত সাজি দিছিল মাটিৰ ঘৰ । ঘৰৰ কাম কিছু বাকী আছিল যদিও পিতৃয়ে পুনৰ ঠিক-ঠাক কৰি দিব বুলি কৈ গুচি আহিছিল ডেনগাঁৱৰ ঘৰলৈ । ডিফুৰ ঘৰটোত আছিল শুকুৰিসহ তিনি ভগ্নী । নিশা প্ৰায় এক বজাত উক্ত ঘৰটোত কোনো দূৰ্বৃত্তই প্ৰৱেশ কৰি শূন্য দূৰত্বৰ পৰা শুকুৰিৰ মূৰত গুলীয়াই নিহত কৰিছিল । নিশা ১ বাজি ১৫ মিনিটত এই ঘটনা সন্দৰ্ভত অৱগত হয় ডেনগাঁৱত থকা শুকুৰিৰ পিতৃ । নিশা প্ৰায় ১ বাজি ৪৫ মিনিটত ঘটনাৰ খবৰ লাভ কৰে ডিফু আৰক্ষীয়ে । ততাতৈয়াকৈ কাৰ্বি আংলং জিলা আৰক্ষীৰ শীৰ্ষ বিষয়াসহ ডিফু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । কেঁচা ঘৰটোৰ পিছফালে সিন্ধি খান্দি দুৰ্বৃত্তই গৃহত প্ৰৱেশ কৰাটো স্পষ্ট হৈ পৰে । কাৰ্বি আংলং জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত কুমাৰ বৰুৱাই ঘটনা সন্দৰ্ভত তন্নতন্নকৈ পৰ্যবেক্ষণ অব্যাহত ৰখাৰ লগতে অপৰাধী কৰায়ত্তৰ বাবে জোৰ তদন্ত অব্যাহত ৰাখি গঠন কৰা হয় এছ আই টি । অৱশ্যে এই অপৰাধ কাণ্ডৰ স’তে কোন জড়িত আৰু কিয় এগৰাকী ২৩ বছৰীয়া যুৱতীক সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি শূন্য দূৰত্বৰ পৰা গুলীয়াই নিহত কৰিব লগা হ’ল, তাৰ কোনো উত্তৰ প্ৰথমাৱস্থাত আৰক্ষীৰ হাতত নাছিল যদিও লাহে লাহে সমস্ত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে । অৱশ্যে আৰক্ষীয়ে তদন্তৰ খাতিৰত আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰিব খোজা নাই । মন কৰিব লগা কথা যে এসময়ৰ সন্ত্ৰাসজৰ্জৰ কাৰ্বি পাহাৰৰ সৰ্বত্ৰে এতিয়া শান্তিৰ পৰিৱেশ । চৰকাৰৰ শান্তি আলোচনাৰ প্ৰতি আগ্ৰহী সশস্ত্ৰ উগ্ৰপন্থী সংগঠনসমূহে জনাঞ্চললৈ ওলাই আহিছে। তাৰ সমান্তৰাভাৱে পাহাৰীয়া জিলাখনত নাই কোনো উগ্ৰপন্থীৰ অৱস্থিতি । কাৰ্বি আংলং জিলা আৰক্ষীয়েও সময়ে সময়ে দাবী কৰি আহিছে যে কাৰ্বি পাহাৰত শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ লগতে নাই কোনো উগ্ৰপন্থী সংগঠনৰ অৱস্থিতি । তেনে সময়তে অবৈধ মাৰণাস্ত্ৰৰ অৱস্থিতি ধৰা পৰাত চিন্তিত হৈছে পাহাৰীয়া জিলাখনৰ সচেতন মহল । মহাবিদ্যালয়ত অধ্যয়নৰত দুই ভগ্নীৰ স’তে থকা শুকুৰি তিছ’পীক কোনে আৰু কিয় হত্যা কৰিলে ? হত্যাকাৰীয়ে অবৈধ মাৰণাস্ত্ৰ কেনেদৰে লাভ কৰিলে ? কোনো বিতৰ্কিত বিষয়ৰ স’তে সাঙুৰ খাই আছে নেকি শুকুৰিৰ নাম ? আনহাতে, এই ঘটনাৰ পাছৰে পৰা দুই যুৱকৰ কথা বিশেষ চৰ্চালৈ আহিছিল । দুই যুৱকে শুকুৰিহঁতৰ ঘৰলৈ আহি পানী খাই গৈছিল । পূৰ্বতেও যুৱকদ্বয় এই ঘৰটোলৈ আহিছিল । যদি এয়া সঁচা হয়, তেন্তে কোন এই যুৱকদ্বয় ? শুকুৰিহঁতৰ চিনাকি নে অচিনাকি ? কিন্তু এটা কথা সত্য যে এয়া সম্পূৰ্ণ এক পৰিকল্পিত হত্যাকাণ্ড । ডিফুৰ আৰ্লং লাংছ’ৰ তিনিগৰাকী ভগ্নীয়ে বাস কৰা মাটিৰ ঘৰটোৰ পিছপিনে সিন্ধি খান্দি দুৰ্বৃত্তই প্ৰৱেশ কৰি শূন্য দূৰত্বৰ পৰা শুকুৰিক মূৰত গুলীয়াই নিহত কৰি তাৰ পৰা পুনৰ আঁতৰি যায় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই দুই যুৱকেই সিদিনা পানী খাবলৈ আহিছিল নেকি শুকুৰিহঁতৰ ঘৰলৈ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই যুৱকেই যদি এনে লোমহৰ্ষক হত্যাকাণ্ডৰ স’তে জড়িত, তেন্তে কি কাৰণত হত্যা কৰা হ’ল শুকুৰি তিছ’পীক ? অৱশ্যে এছ আই টিৰ সম্পূৰ্ণ তদন্তৰ পাছতহে সকলো কথা স্পষ্ট হ’ব ।

প্ৰেৰক ‌ৰাজু কাঠাৰ

You might also like