নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ কোকৰাঝাৰ জিলাৰ দোতমাৰ মাউৰিয়া গাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ জেলৰ পৰা গোসাইগাঁৱলৈ আদালতলৈ অনা নিয়া কৰা আৰক্ষীৰ বাহন আৰু মটৰচাইকেলৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত সংঘটিত হোৱা আৰক্ষীৰ বাহনখনৰ নম্বৰ AS 26C-5552 আৰু মটৰ চাইকেলখনৰ নম্বৰ AS 16K 7522 দুৰ্ঘনাত গুৰুতৰভাৱে আহত বাইক আৰোহী দোতমা নাউয়েৰভিটাৰ সাজিদুল ৰহমান আৰু আফতিকাৰ হোচেইন আহত দুয়োজনকে দোতমা সমুহীয়া চিকিৎসালয়লৈ নিয়া হয়।
প্ৰেৰক কৃষ্ণ বৰ্মন