নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাত পথ দুর্ঘটনাত থিতাতে ২জনৰ প্ৰাণহানি, আহত ৪

নিয়মীয়া বার্তা, ১৫ ছেপ্টেম্বৰ : মুকালমুৱা আৰক্ষী থানাৰ অন্তর্গত বৰুৱাপুটা গাঁৱত আজি পুৱাই এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ বৰপেটা দৌলাশাল গুৱাহাটী লোকনির্মাণ বিভাগৰ পথটোত ৰৈ থকা এখন যাত্রীবাহী টেম্পোক বৰপেটাৰ দিশৰ পৰা প্রচণ্ড গতিত আহি থকা বলেৰ’ পিকআপ ভেন এখনে খুন্দা মাৰে ৷ ফলত টেম্পোখনত থকা সাতগৰাকী মহিলাৰ দুগৰাকীৰ থিতাতে মৃত্যু হয় আৰু আন চাৰিগৰাকী গুৰুতৰভাৱে আহত হয়৷ দুর্ঘটনাটোত থিতাতে নিহত হোৱা মহিলা দুগৰাকী হ’ল মলয়া কাকতি (৪০) আৰু ৰিংকু বর্মন (৩৫) ৷ মলয়া কাকতি এগৰাকী সু-অভিনেত্রী হিচাপে অঞ্চলটোত পৰিচিত আছিল৷ আহত চাৰিগৰাকী মহিলাৰ নাম ক্রমে থুনু তালুকদাৰ (৪০), ৰূপালী পাঠক (৩৫), কবিতা মেধি (২৫) আৰু জোনালী মেধি (৩০)৷ দুর্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্রাপ্ত আটাইকেইগৰাকী মহিলাক স্থানীয় লোকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱায় যদিও আহত চাৰিওগৰাকীৰ আঘাত গুৰুতৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্রেৰণ কৰে৷ নিহত দুয়োগৰাকী মহিলাৰে ঘৰ বৰুৱাপুটা গাৱঁত৷ অতি দৰিদ্র পৰিয়ালৰ এই মহিলাকেইগৰাকীয়ে প্রতিদিনে পুৱা নিজৰ কর্মস্থলীলৈ যায় ৷ মহিলাকেইগৰাকী থকা টেম্পোখনৰ নম্বৰ এএছ-১৪চি–৪৬২০৷ উল্লেখ্য যে মহিলাৰ দলটোৱে কামৰূপ জিলাৰ পছৰীয়াৰ ইমামি কোম্পানীত শ্রমিক হিচাপে কাম কৰি নিজৰ পৰিয়ালক ভৰণ-পোষণ দিছিল৷ সেই সূত্রে মহিলাকেইগৰাকীয়ে প্রতিদিনে মুকালমুৱাৰ পৰা পছৰীয়ালৈ যায়৷ আজিও মহিলাকেইগৰাকীয়ে টেম্পোখনৰ জৰিয়তে পছৰীয়ালৈ যাবলৈ লওঁতেই ৰখাই থোৱা টেম্পোখনত তীব্র বেগত অহা বলেৰ’ পিকআপ ভেনখনে খুন্দিয়াই পলায়ন কৰে৷ আজিৰ এই পথ দুর্ঘটনাটোৱে স্বাভাৱিকতে অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like