নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত নিশা বন বিভাগৰ এনকাউন্টাৰত দুই ভাই-ককাই নিহত

বিশেষ বাৰ্তা, ২২ জুন : নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এক এনকাউন্টাৰৰ ঘটনাত দুজন নিহত হয়। নগাঁৱৰ লাওখোৱা অভয়াৰণ্যৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়। নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিবলৈ গৈছিল দুই ভাই-ককাই আব্দুল জলিল আৰু ছমিৰ উদ্দিন। বন বিভাগৰ এনকাউণ্টাৰত নিহত দুজনৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত। নিশাই বন বিভাগে নিহত দুই মাছমৰীয়াৰ মৃতদেহ নগাঁৱ চিভিল হাস্পতাললৈ লৈ যায়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী, বন বিভাগৰ লোক মোতায়েন কৰা হৈছে।

প্ৰেৰক কনক হাজৰিকা

You might also like