নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : ৰাজ্যত দিনকদিনে পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ সময়তে আজি ভেৰগাঁৱতো এখন বাইক আৰু ৱাগনাৰ কাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ভেৰগাঁও-খৈৰাবাৰী পথৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ সমীপত ভেৰগাঁও অভিমুখী এএছ-০১এ ই-৪১৪৩ নম্বৰৰ ৱাগনাৰ কাৰৰে এএছ-১৩বি-০২৭৩ নম্বৰৰ বাইকৰ খুন্দা লাগে। ফলত বাইক আৰোহী দুগৰাকী গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে, ৱাগনাৰখনে ভুল দিশে আহি থকা অৱস্থাতে বাইকখনে নিজৰ ছাইডত গৈ আছিল যদিও সন্মুখৰ সোফালে খুন্দা লাগে। বাইক আৰোহী দুগৰাকীৰ এগৰাকী দেৱাগুৰি নিবাসী তৰুণ বৈশ্য (৪৫) আৰু হাবল সিনহা (৩৮) বুলি জানিব পৰা গৈছে। ভেৰগাঁও আদৰ্শ চিকিৎসালয়ত ততাতৈয়াকৈ আহত দুগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত ওদালগুৰিলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ভেৰগাঁও পুলিচে ঘটনা সংক্ৰান্তত তদন্ত চলাই আছে ৷
প্ৰেৰক প্ৰফুল্ল কুমাৰ বড়ো