নিয়মীয়া বাৰ্তা, ১৯ মে’ : বিলাসীপাৰাত চোৰাং গৰুভৰ্তি বলেৰো বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। নিশা চহৰখনৰ পুৰণি বজাৰত চোৰাং গৰুভৰ্তি বলেৰো বাহন আৰু মাৰুতি ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত মাৰুতি ভেনখনত থকা চালকসহ দুজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত কৰি আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে গো -মাফিয়াই। আহত দুজনক স্থানীয় ৰাইজে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহতদ্বয় ক্ৰমে শালকোচাৰ মৃদুল ৰয় আৰু নিপন চৌধুৰী বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে কোকৰাঝাৰৰ পৰা বিলাসীপাৰা অভিমুখে চৰ অঞ্চলেদি নিতৌ ন ন কৌশল অৱলম্বন চোৰাং গৰু মাফিয়াই চলাই গৈছে ৰমৰমীয়া বেহা। তেনে চোৰাং গো-মাফিয়াই ১০টাকৈ গৰু তীব্ৰ বেগেৰে নি থকা অৱস্থাত মাৰুতি ভেনৰে মুখামুখি সংঘৰ্ষ হয়। ফলত মাৰুতি ভেনখনত থকা চালকসহ দুজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ AS-19 C-4624 আৰু মাৰুতি ভেনখনৰ নম্বৰ হ’ল AS-16 B-4075। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ চোৰাং গৰুভৰ্তি বলেৰো বাহন আৰু মাৰুতি ভেনখন উদ্ধাৰ কৰি থানালৈ লৈ যায়।
প্ৰেৰক সমৰেশ শীল শৰ্মা