নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৱালাৰে কোটি কোটি টকা সৰবৰাহ, দুই ৰাজস্থানীক গ্রেপ্তাৰ

🔹 আয়কৰ বিভাগ–মহানগৰ আৰক্ষীৰ অভিযান

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : কৰফাঁকিৰে হাৱালাৰ জৰিয়তে কোটি কোটি টকা বহিঃৰাষ্ট্র আৰু বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আহিছে এটা অসাধু চক্রই৷ গুৱাহাটীত বাহৰ পাতি এই অসাধু চক্রটোৱে কৰফাঁকিৰে ব্যৱসায়ীৰ ক’লা ধন বগা কৰি আহিছে৷ এটা গোপন তথ্যৰ ভিত্তিত পৰহি নিশা মহানগৰ আৰক্ষীৰ সহযোগত আয়কৰ বিভাগে আঠগাঁৱৰ এটা বাসগৃহত অভিযান চলায়৷ আয়কৰ বিভাগে এই অভিযানত ১ কোটি ৬৯ লাখ ৭০ হাজাৰ নগদ ধনসহ ৰাজস্থানৰ দেৱকৰণ সেন আৰু মনোজ কুমাৰ নামৰ দুজন লোকক গ্রেপ্তাৰ কৰে৷ ধৃত লোক দুজনে এতিয়ালৈকে এই বৃহৎ পৰিমাণৰ ধনৰাশিৰ উৎস আয়কৰ বিভাগৰ অভিযানকাৰী দলটোক দিব পৰা নাই৷ ক’ৰ পৰা কেনেকৈ এই বৃহৎ ধনৰাশি ভাৰাঘৰত মজুত কৰিছিল সেই সন্দর্ভত ৰাজস্থানৰ লোক দুজনে কোনো তথ্য অভিযানকাৰী দলটোক দিব পৰা নাই৷ মহানগৰ আৰক্ষী আৰু আয়কৰ বিভাগৰ অভিযানকাৰী দলটোৱে হাৱালাৰ জৰিয়তে লোক দুজনে এই ধন সৰবৰাহ কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ উল্লেখ্য যে আয়কৰ বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত পৰহি নিশা প্রায় ৯ বজাত আঠগাঁৱৰ জামিৰ উদ্দিন নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে থকা ৰাজস্থানৰ লোক দুজনৰ ভাৰাঘৰত অভিযান চলাইছিল৷ পুৱতিনিশালৈকে অভিযান চলাই ভাৰাঘৰটোৰ পৰা এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ লগতে অন্যান্য বহু আপত্তিজনক নথি–পত্রও অভিযানকাৰী দলটোৱে জব্দ কৰে৷ কালি আয়কৰ বিভাগৰ উচ্চপদস্থ বিষয়াই লোক দুজনক এই বিশাল ধনৰাশিৰ উৎস সন্দর্ভত জেৰা কৰে ৷

 

You might also like