টংলাত ৰহস্যজনকভাৱে দুই স্কুলীয়া ছাত্ৰ নিৰুদ্দেশ
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : ওদালগুৰি জিলাৰ টংলাত একেটা পৰিয়ালৰে দুগৰাকীকৈ স্কুলীয়া শিশু নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্য। প্ৰাপ্ত তথ্য অনুসৰি টংলা আৰক্ষী থানাৰ অন্তৰ্গত যোৰ পুখুৰী নিবাসী মহেন্দ্ৰ শৰ্মাৰ পুত্ৰ কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা বৃহস্পতিবাৰে ৰাতিপুৱা বিদ্যালয়লৈ বুলি যোৱাৰেপৰা সন্ধান হীন হোৱা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালৰ লগতে অঞ্চলবাসী ৰাইজক। টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণী আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰ নিৰুদ্দেশ হোৱা ঘটনাটো ৰহস্যময় বিষয় হৈ পৰিছে। ৰাতিপুৱা নিজ গৃহৰ পৰা বিদ্যালয়লৈ গৈ থকা সময়ৰেপৰা নিৰুদ্দেশ হৈ আছে দুগৰাকীকৈ ছাত্ৰ। বিদ্যালয়ত দুই ছাত্ৰৰ অনুপস্থিতি দেখি বিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক জনোৱাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। লগে-লগে পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত বিচাৰ-খোচাৰ কৰিও দুই পুত্ৰৰ সন্ধান নোপোৱাত ঘটনা সম্পৰ্কে টংলা আৰক্ষী থানাত অৱগত কৰায় যদিও বাতৰি সংগ্ৰহ কৰা মুহুৰ্তলৈকে কোনো ধৰণৰ সাংশুত্ৰ পোৱা নাই নিৰুদ্দেশ হৈ থকা দুই ভাতৃৰ। ইতিমধ্যে দুই শিশুক বিচাৰি টংলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। যদি কোনো সদাশয় ব্যক্তিয়ে এই শিশু দুটিক প্ৰত্যক্ষ কৰে তেনেহলে নিকটৱৰ্তী আৰক্ষী থানা অথবা পৰিয়ালৰ ৭০৯৯৫-৪৫৬৩৮ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। একেদিনাই একেটা পৰিয়ালৰে ৰহস্যজনকভাৱে দুটিকৈ শিশু নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
প্ৰেৰক পিংকু কলিতা