নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। যোৱানিশা ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে কুপতিমাৰী গাঁৱৰ পৰা ৭৫ কেজি গাঞ্জাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰী দুটা হ’ল ৰহুল আমিন আৰু কাজিম উদ্দিন।সম্প্রতি ধৃত সৰবৰাহকাৰী দুটাক ভূৰাগাঁও থানাত সোধা-পোছা অব্যাহত ৰাখিছে।

প্ৰেৰক আবুল কালাম

You might also like