নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱত গাঞ্জাসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ২ অক্টোবৰ : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ গাঞ্জাবিৰোধী অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত বৰডোবাটোপুত যোৱানিশা চলোৱা অভিযানত গাঞ্জাসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জব্দ কৰা গাঞ্জাখিনিৰ ওজন ১৫ কেজি ৷ ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাৰ নাম ছেহেৰ আলী আৰু জাহিৰুল ইছলাম ৷ অধিক তথ্যৰ বাবে ভূৰাগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

প্ৰেৰক আবুল কালাম

You might also like