নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়াত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু দুই ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : কামৰূপৰ ছমৰীয়া সত্ৰত আজি দিনৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে সোনতলীৰ দিশৰ পৰা ছমৰীয়া অভিমুখে আহি থকা এখন পালচাৰ বাইকে প্ৰচণ্ড জোৰে পথৰ সমীপৰ এডাল গচত খুণ্ডা মৰাৰ ফলত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনাটো। উল্লেখ্য যে এই ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে দুই স্কুলীয়া ছাত্ৰই কৰুণ মৃত্যুক সাৱতিৱ লগা হয়।মৃত ছাত্ৰ দুগৰাকী ছানিদুল ইছলাম( ১৬) আৰু হাৰুনাল ৰশিদ (১৬) বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত ছমৰীয়া পহৰা চকীৰ এটি দল উপস্থিত হৈ দুয়োজন ছাত্ৰক ততাতৈয়াকৈ ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষনা কৰে। মৃত দুয়োজন ছাত্ৰ সোনতলীৰ শ্বান একাডেমীৰ নৱম শ্ৰেনীত অধ্যয়নৰত আছিল। উল্লেখ্য, ছানিদুল ইছলামৰ ঘৰ সোণতলীৰ নাওভাঙাত আৰু হাৰুনাল ৰশিদৰ ঘৰ ৩নং দক্ষিণ ৰাঙাপানী বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনা সংঘটিত হোৱা পালচাৰ বাইক খনৰ নম্বৰ এএছ ০১ এফএ ৩১৭৫। দুৰ্ঘটনাস্থলীত বকো আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথ উপস্থিত হৈ মৃতদেহ দুয়োটা বকো আৰক্ষী থানালৈ প্ৰেৰণ কৰে। ইতিমধ্যে বকো আৰক্ষীয়ে কি কাৰণত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হল তাক লৈ তদন্ত অব্যাহত ৰাখিছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like