নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ টুপামাৰীত ই-ৰিক্সা দুৰ্ঘটনাগ্ৰস্ত : আহত দুই ছাত্ৰী

নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : কামৰূপৰ নগৰবেৰাৰ টুপামাৰীত আজি আবেলি ই-ৰিক্সাৰ পাছফালৰ চকা খহি যোৱাৰ ফলত দুগৰাকী ছাত্ৰী আহত হয় | জানিব পৰা মতে, বিদ্যালয় ছুটীৰ পাছত ই-ৰিক্সাৰ যাত্ৰীৰ ছিটত বহি থকা ছাত্ৰী দুগৰাকী বাহনখনৰ পাছফালৰ চকা খুলি যোৱাত লুটি খাই পৰি গুৰুতৰভাৱে আহত হয় | আহত ছাত্ৰী দুগৰাকী টুপামাৰীৰ অন্তৰ্গত ড° আবুল কালাম আজাদ একাডেমীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে | ছাহিনা আখতাৰ আৰু দিলোৱাৰা পাৰবিন নামৰ ছাত্ৰী দুগৰাকীক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় | ছাহিনা আখতাৰৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে সোণতলী স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like