নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণ চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰক আটক

বিশেষ বাৰ্তা,  ২৩ জুন : বিভিন্ন কৌশলৰে অসমৰ ভিন ভিন জিলাৰ গহনা বিপণীৰ পৰা সোণৰ অলংকাৰ চুৰি কৰি আৰক্ষীৰ নিদ্ৰাহৰণ কৰা দুই গভাইত চোৰক অৱশেষত আৰক্ষীয়ে যোৱানিশা আটক কৰিবলৈ সক্ষম হয়। মধ্যপ্ৰদেশৰ ভূপাল জিলাৰ নিশাদপুৰ থানাৰ হৰি মাজৰ কৰ্ণ আমিন কলনীৰ হাফিজ আলী আৰু গোটেইতো গৌৰীদেৱী ৱাৰ্ডৰ সাগৰ মিশ্ৰক যোৱানিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিশাই শুৱালকুছি থানালৈ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী মতে, দুৰ্ধৰ্ষ চোৰ দুজনে যোৱা ১৮ জুনত দুপৰীয়া প্ৰায় ১২ বজাত শুৱালকুছি বজাৰৰ যতীন চন্দ্ৰ জুৱেলাৰীত প্ৰৱেশ কৰি আঠটা সোণৰ আঙঠি চুৰি কৰি লৈ যায়। চোৰ দুজনৰ মাজৰ হাফিজ আলী নামৰ চোৰজনে গ্ৰাহকৰ ৰূপত বিপণীখনত প্ৰৱেশ কৰি বিপণীৰ স্বত্বাধিকাৰী গীতাৰ্থ দাসক বিভিন্ন ছলাহী কথা কৈ তেওঁৰ উপস্হিতিতেই হাত চাফাই কৰি আঠটাকৈ সোণৰ আঙঠি লৈ উধাও হয়। ঘটনা সন্দৰ্ভত গীতাৰ্থ দাসে সেইদিনাই শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।শুৱালকুছি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই ঘটনাস্হলীত উপস্হিত হৈ ঘটনাৰ বুজ লৈ চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰে। চুৰি কাণ্ডৰ ফুটেজসমূহ অসমৰ বিভিন্ন থানালৈ পঠিয়াই সকলোকে সজাগ কৰি দিয়ে। যোৱানিশা গভাইত চোৰ দুটাই মঙলদৈৰ ফালৰ পৰা গুৱাহাটীলৈ আহি থকাৰ খবৰ লাভ কৰি বাইহাটা চাৰিআলি আৰক্ষীয়ে জৰুৰীকালীন তালাচী অভিযান চলাই বাইহাটা চাৰিআলিত দুয়োটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুয়োজন চোৰক গ্ৰেপ্তাৰ কৰি নিশাই শুৱালকুছি আৰক্ষীক চমজাই দিয়ে। আনহাতে, গভাইত চোৰ দুটাই শুৱালকুছিত চুৰি কাৰ্য কৰি মিৰ্জা, কৃষ্ণাই, গোৱালপাৰা আদিত চুৰিৰ উদ্দেশ্যে টিঘিলঘিলাই ফুৰিছিল। কালিও চুৰিৰ উদ্দেশ্যে মঙলদৈৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত ৮৩/২৪ নম্বৰৰ গোচৰৰ ভিত্তিত দুয়োজনকে জে’ল-হাজোতলৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰৰ সময়ত তেওঁলোকৰ পৰা চুৰি কাৰ্যত ব্যৱহাৰ কৰা এম পি-০৪ ডব্লিউ-৩২৩৭ নম্বৰৰ হোণ্ডা বাইক, মোবাইল ফোন আৰু বিভিন্ন আপত্তিজনক নথি-পত্ৰ জব্দ কৰে। আৰক্ষীৰ এনে সফল অভিযানক সচেতন মহলে আদৰণি জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like