🔹 বজালীৰ ধুমাৰকুৰত শোকাৱহ ঘটনা
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : বজালী জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ধুমাৰকুৰত আজি আবেলি সংঘটিত হয় এক শোকাৱহ ঘটনা৷ ধুমাৰকুৰত পহুমাৰা নৈত গা ধুবলৈ গৈ দুগৰাকী কিশোৰীৰ সলিল সমাধি ঘটাৰ লগতে আন দুগৰাকী গুৰুতৰভাৱে আহত হয়৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি আবেলিৰ ভাগত ধুমাৰকুৰৰ চাৰিগৰাকী দহ-বাৰ বছৰীয়া কিশোৰীয়ে লগ হৈ ধুমাৰকুৰৰ কাটলাপথাৰত পহুমাৰা নৈৰ বুকুত গা ধুবলৈ গৈছিল৷ কিন্তু গা ধুই থকাৰ মাজতে দুৰ্ভাগ্যজনকভাৱে আটাইকেইগৰাকী কিশোৰী নৈত সোঁতত উটি গৈ পানীত বুৰ যায়৷ ইয়াৰ পিছতে হুৱাদুৱা লাগে আৰু একাংশ স্থানীয় লোকে পানীত জঁপিয়াই দুগৰাকী কিশোৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুগৰাকীক পানীত বিচাৰি নাপাই ভৱানীপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানে অভিযান চলায় আৰু বহু সময় সন্ধান কৰাৰ পিছত অৱশেষত সন্ধানহীন আন দুই কিশোৰী ক্ৰমে কুৰোবাহা পথাৰৰ গিয়াছউদ্দিন দেৱানৰ ১০ বছৰীয়া কন্যা এলিজা খাতুন আৰু শুকুৰ দেৱানৰ ১৪ বছৰীয়া কন্যা আফচানা খাতুনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা অনুসৰি, সলিল সমাধি ঘটা দুই কিশোৰী আহিছিল আলহীৰ ঘৰলৈ৷ আনহাতে, আহত দুই কিশোৰীক উদ্ধাৰ কৰাৰ পিছতে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷ এই শোকাৱহ ঘটনাই সমগ্ৰ বজালীতে শোকৰ ছাঁ পেলাইছে৷
প্ৰেৰক কল্যাণ কলিতা