নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটিএম কাৰ্ড সলনি কৰি ধন সৰকোৱা দুই চোৰ কৰায়ত্ত

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ : কৌশলেৰে আনৰ এটিএম কাৰ্ড সলনি কৰি ধন সৰকোৱা  দুটাকৈ চোৰক আজি ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এটিএমৰ কেমেৰাত আবদ্ধ হোৱা তথ্যৰ সহায় লৈ বিগত কিছুদিনৰ পৰা চোৰ দুটাক ধৰিবলৈ চেষ্টা চলাই আছিল আৰক্ষীয়ে। অৱশেষত গৈ আজি দুপৰীয়া এছবিআই মূল শাখাৰ সমীপত পূৰ্বৰে পৰা খাপ পিটি থকা ধুবুৰী সদৰ থানাৰ টিএছআই মৃণাল তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে কৰায়ত্ত কৰে চোৰ দুটাক। ধৃতদ্বয়ৰ এজন ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মতিৰচৰ অঞ্চলৰ সাহাজাহান মোল্লা আৰু আনজন দক্ষিণ শালমাৰাৰ আলমগীৰ বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like