নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ৬খন ই-ৰিক্সাসহ দুই চোৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ : আপোনাৰ ই-ৰিক্সা চুৰি হৈছে নেকি, তেন্তে লাহৰীঘাট থানালৈ আহক। লাহৰীঘাট আৰক্ষীয়ে ৬খন চুৰি ই-ৰিক্সাসহ দুই চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে লাহৰীঘাটৰ ধূপগুৰিত যোৱানিশা প্ৰায় ৯.৩০ বজাত স্হানীয় ৰাইজে কৌশলগতভাৱে এখন স্কুটীৰে আহি থকা ৰূপম আলী নামৰ এটা চোৰক কৰায়ত্ত কৰি লাহৰীঘাট আৰক্ষীক গতাই দিছিল। লাহৰীঘাট আৰক্ষীয়ে ধৃত ই-ৰিক্সা চোৰটোক সোধা-পোছা কৰি ৬খনকৈ ই-ৰিক্সা উদ্বাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে এই পৰ্যন্ত দুটা ই-ৰিক্সা চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত ই-ৰিক্সা চোৰ দুটা ক্ৰমে মৰিগাঁও মৰিমুছলমান গাঁৱৰ ৰূপম আলী আৰু ভূঞাবাৰী গাঁৱৰ ইব্রাহীম আলী। ই-ৰিক্সা চুৰি কাৰ্যত জড়িত চাদ্দাম হুছেইন বৰ্তমানো পলাতক বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইয়াৰ উপৰি কালি গুৱাহাটীৰ পৰা চুৰি হোৱা এখন ই-ৰিক্সা ভূৰাগাঁও আৰক্ষীয়ে বালিডোংগাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই চোৰৰ গেংটোৱে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ই-ৰিক্সা চুৰি কৰি মৰিগাঁও জিলাৰ ভূৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী, মায়ং আদি অঞ্চলত বিক্ৰী কৰি আহিছে।

প্ৰেৰক আবুল কালাম

You might also like