ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত উজলিছে নগাঁৱৰ বঢ়মপুৰৰ দুই তৰুণ-তৰুণী
বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক পৰ্যায়ৰ ক্ৰীড়াত উজলিছে নগাঁও জিলাৰ বঢ়মপুৰৰ দুই তৰুণ-তৰুণী। ৰাজস্থানত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা “কুৰাচ” সমৰকলাত তামৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে চাপানালা-লুংচুঙৰ কৌশিকা ভূমিজে। সমান্তৰালভাৱে দিল্লীত অনুষ্ঠিত কেৰাটেৰ এখন আন্তৰ্জাতিক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে বঢ়মপুৰ আদৰ্শ গাঁৱৰ ঋতুস্মিন গৌতমে। দুয়োগৰাকী উদীয়মান খেলুৱৈৰ সফলতাত এতিয়া উৎফুল্লিত অঞ্চলবাসী। চাহ অধ্যুষিত পিছপৰা অঞ্চলৰ তৰুণী তাম্ৰ পদকপ্ৰাপক কৌশিকা ভূমিজৰ লগতে প্ৰশিক্ষক মণি কুমাৰ শ্ৰেষ্টাকো চাপানালা চাৰিআলিত জনোৱা হয় ৰাজহুৱাভাৱে সম্বৰ্ধনা। যাতে চলিত বৰ্ষতে ভাৰতত হ’বলগীয়া চাউথ-এচিয়ান গেমছত সুযোগ লাভ কৰা কৌশিকাই নতুন উদ্যমেৰে ভাগ লৈ দেশৰ লগতে অঞ্চলটোলৈও গৌৰৱ কঢ়িয়াই আনিব পাৰে। ইফালে, ভাৰতসহ আন পাঁচখনকৈ দেশে অংশগ্ৰহণ কৰা কেৰাটেৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত স্বৰ্ণ লাভ কৰা ঋতুস্মিনেও বৰ্তমান প্ৰশিক্ষক হিমাংশু বৰাৰ সহযোগত নিতৌ কৰিছে কঠোৰ পৰিশ্ৰম। যাতে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ঋতুস্মিন। শেহতীয়াকৈ উন্নত প্ৰশিক্ষণৰ বাবে নৰৱেলৈ যাবলৈও পাইছে সুযোগ। কিন্তু বঢ়মপুৰৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত এখন সৰু ব্যৱসায়িক প্ৰতিষ্ঠান চলাই কোনোমতে পৰিয়ালটো পোহপাল দিয়া ঋতুস্মিনৰ পিতৃৰ হাতত নাই পুত্ৰক বহিঃৰাষ্ট্ৰলৈ প্ৰশিক্ষণৰ বাবে পঠিয়াবলৈ টকা ! যাৰ বাবে যেন সহযোগৰ নিত্যান্তই প্ৰয়োজন চৰকাৰৰ, আপোনাৰ, আমাৰ!
প্ৰেৰক কনক হাজৰিকা