নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱেক প্ৰৱঞ্চনা : শিমলুগুৰিত আটক দুই যুৱক

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : ৰে’লৱেক প্ৰৱঞ্চনা কৰি শিমলুগুৰি ৰে’ল আৰক্ষীৰ জালত পৰিল ৰিকি দাস আৰু পিণ্টু দত্ত নামৰ দুজন যুৱক। দীৰ্ঘদিন ধৰি ৰে’লৱে টিকট অনলাইনযোগে বিক্ৰীৰ বাবে দুয়োজন যুৱকৰ পঞ্জীয়ন আছিল যদিও অধিক মুনাফা অৰ্জনৰ বাবে ব্যক্তিগত আই ডি ব্যৱহাৰ কৰি ৰে’ল টিকট বিক্ৰী কৰি আহিছিল ধৃত যুৱকদ্বয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰি আৰক্ষীৰ সহযোগত যোৱানিশা শিমলুগুৰিস্থিত ৰে’ল আৰক্ষীয়ে আটক কৰিলে ৰিকি দাস আৰু পিণ্টু দত্তক। যাৰ পৰিণতিত দুয়ো বৰ্তমানৰ আলহী শিমলুগুৰি ৰে’লৱে আৰক্ষী থানাৰ। বিজেপি নেতাৰ অতি ঘনিষ্ঠ বুলি চিনাকি দিবলৈ চেষ্টা কৰা দুয়ো প্ৰৱঞ্চক ৰে’লৱে দণ্ডবিধিৰ ১৪৩ৰ অধীনত দুয়োকে আজি নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ জৰিয়তে শিৱসাগৰ জেল-হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰেৰক নেকিব আহমেদ

You might also like