আৰক্ষীৰ জালত যুৱতীসহ দুই যুৱক, বঙাইগাঁৱত চাঞ্চল্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ডিচেম্বৰঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। কালি নিশা নিউ বঙাইগাঁৱত তিনি হিন্দু যুৱতীসহ দুই মুছলমান যুৱক জি আৰ পি এফৰ জালত পৰিছে। দুগৰাকী যুৱতীৰ ঘৰ মৰিগাঁৱৰ বিপৰীতে আন এগৰাকী যুৱতীৰ ঘৰ শোণিতপুৰৰ বিহগুৰী এলেকাত। ধৃত জিহাদী দুটাৰ নাম আকিবুল হক (ঘৰ- চালাবিলা, মাণিকপুৰ) আৰু আনটোৰ নাম শাহা আলী (৩নং বাশবাৰী, মাণিকপুৰ, বঙাইগাঁও)। যুৱতী তিনিগৰাকীক জেহাদী দুটাই হিন্দু পৰিচয় দি প্ৰলোভন দেখুৱাই বাংগালোৰক লৈ যোৱাৰ যো-জা কৰি থাকোঁতে জি আৰ পিৰ জালত পৰে। সম্প্ৰতি যুৱতী তিনিগৰাকীৰ পৰিয়ালৰ লগত যোগাযোগ কৰিছে জি আৰ পি এফে। এই ঘটনাটোৱে সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।