নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত ভাৰাঘৰত দুই যুৱকসহ মাতাল যুৱতী আটক

বাৰ্তা ব্যুৰো, যোৰহাট, ১০ জুলাই : যোৰহাট নগৰৰ ভিন্ন স্থানত অসামাজিক কাম-কাজৰ বহু ঘাটি গঢ়ি উঠিছে। বিশেষকৈ মদ, ভাং, ড্ৰাগছ আদিৰ ঘাটিক কেন্দ্ৰ কৰি নাৰীদেহৰ বেহাও গঢ়ি উঠিছে।  বিভিন্ন অঞ্চলৰ পৰা নগৰত অধ্যয়ন কৰিবলৈ অহা এচাম ছাত্ৰ-ছাত্ৰী এনেবোৰ অসামাজিক কাম-কাজত জড়িত হৈ পৰিছে। বিশেষকৈ আৰক্ষী প্ৰশাসন আৰু পৌৰসভাৰ আওকণীয়া মনোভাবৰ বাবে নগৰৰ য’তে-ত’তে গঢ়ি উঠা একাংশ ব্যক্তিগত হোষ্টেলত থকা যুৱক-যুৱতী এইবোৰ কৰ্মকাণ্ডত জড়িত হৈ পৰিছে। দেওবাৰে নিশা প্ৰায় ১১ বজাত নগৰৰ মালৌআলিত এটা ভাৰাঘৰত চলি থকা অসামাজিক কৰ্মকাণ্ড পোহৰলৈ আহে। সঞ্জীৱ বৈশ্য নামৰ এজন লোকৰ ঘৰত এটা কোঠা ভাৰাত লৈ আছিল দুজন যুৱক। এই কোঠাটোত নিতৌ মদ-ভাং আদিৰ আড্ডা চলিছিল আৰু বিভিন্ন সময়ত যুৱতীও আহে কোঠাটোলৈ। যোৱানিশা দুজন যুৱক আৰু দুগৰাকী যুৱতীয়ে কোঠাটোত মদ খাই অশ্লীল ভাষাৰে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মাতাল দুই যুৱতী আৰু যুৱক দুজনক আটক কৰে। উল্লেখযোগ্য যে উক্ত ঘৰটোত একেই পৰিৱেশত থকা অৱস্থাত যোৱা ১৪ জুনত দুগৰাকী যুৱতী আৰু কেইবাজনো যুৱক আটক হৈছিল। সেই ঘটনা সংঘটিত হোৱাৰ পাছতো পুনৰ একেটা কোঠাতে এনে অসামাজিক কৰ্মকাণ্ড চলি অহাটোৱে এটা কথা স্পষ্ট কৰে যে এই সমগ্ৰ কৰ্মকাণ্ডৰ বিষয়ে ঘৰৰ গৰাকী জ্ঞাত। কেৱল ধনৰ লোভত অসামাজিক কৰ্মকাণ্ডৰ বাবে যে কোঠা ভাৰাত দি আহিছে, সেই কথা কালিৰ ঘটনাই প্ৰমাণ কৰিলে।
প্ৰেৰক প্ৰদীপ বৰা
You might also like