🔹 সদস্যাৰ ভুৱা স্বাক্ষৰেৰে ৪ লাখ টকা ঋণ লৈ ভগাই লোৱাৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটসমূহক বিভিন্ন আৰ্থিক সাহায্য প্ৰদানেৰে সদস্যাসকলৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে সোণাৰি চাপৰিত উদয়পুৰৰ জ্যোতি আত্মসহায়ক গোটৰ সভানেত্ৰী বিন্তি সোণোৱাল দিহিঙীয়া আৰু সম্পাদিকা মৌচুমী মিলি দিহিঙীয়াই বেংক মিত্ৰ আৰু বেংক কৰ্তৃপক্ষৰে মিলি গোটৰ সদস্যাসকলৰ অজ্ঞাতে আৰু ভুৱা স্বাক্ষৰেৰে অসম গ্ৰামীণ বিকাশ বেংকৰ ঢকুৱাখনা শাখাৰ পৰা ৪ লাখ টকা ঋণ লৈ ৪গৰাকী সদস্যাই গোপনে ভগাই লোৱাৰ অভিযোগ তুলি আইনৰ দ্বাৰস্থ হৈছে গোটটোৰ আন সদস্যাসকল ৷ জানিব পৰা মতে, ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ ৩নং ৱাৰ্ডৰ ১০গৰাকী মহিলা লগ হৈ ২০১৬ চনতে ক’ড নং ২২৬৩৮১ আৰু গোট নং ১২২০ নম্বৰত “জ্যোতি আত্মসহায়ক গোট” নামৰ এটা মহিলা গোট খুলি নিয়াৰিকৈ চলাই আহিছিল ৷ শেহতীয়াকৈ গোটটোৰ বিত্তীয় খেলিমেলি কৰি অহা সভানেত্ৰী-সম্পাদিকাই ২০ জানুৱাৰী, ২০২৪ তাৰিখে গোটৰ সদস্যা অকণি দিহিঙীয়াৰ ঘৰত ২১০সংখ্যক সভা অনুষ্ঠিত কৰাৰ পিছত ২০-৩১-২০২৩ তাৰিখে সভানেত্ৰী বিন্তি সোণোৱালৰ ঘৰত ২১০সংখ্যক সভাখনকে অনুষ্ঠিত হোৱা আৰু ২০ জানুৱাৰী, ২০২৪ তাৰিখে সম্পাদিকা মৌচুমী মিলি দিহিঙীয়াৰ ঘৰত গোটৰ ২২২সংখ্যক সভাখন অনুষ্ঠিত কৰা দেখুৱাই সদস্যাসকলৰ ভুৱা স্বাক্ষৰেৰে ঋণ লোৱাৰ তথ্যও সদৰী কৰিছে ৷ আনহাতে, গোটটোৰ একাংশ সদস্যাই ঢকুৱাখনাস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত গোটটোৱে ঋণ লোৱা এগ্ৰিমেণ্টৰ নকল কপী বিচাৰি আবেদন জনোৱাৰ পিছতো বেংক কৰ্তৃপক্ষই বেংক মিত্ৰ হৰিপ্ৰিয়া দেউৰীৰ লগত আলোচনা কৰিবলৈহে পৰামৰ্শ দিয়া ঘটনাই বেংকটোৰ ঢকুৱাখনা শাখাৰ কৰ্তৃপক্ষই এইক্ষেত্ৰত সহযোগিতা কৰা বুলিও অভিযোগ তুলি এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সদস্যাসকলে ৷ আনহাতে, গোটটোৰ সদস্যাসকলে গোটৰ সভানেত্ৰী আৰু সম্পাদিকাৰ পৰা এই বিষয়ে জানিব বিচৰাত মিছা মতাৰ উপৰি সম্পাদিকাগৰাকীয়ে গোটৰ দুগৰাকী বয়োজ্য়েষ্ঠ সদস্যাৰ হাতত যাৱতীয় নথি-পত্ৰ চমজাই দি সন্দেহজনক স্থিতি গ্ৰহণ কৰাত স্তম্ভিত হৈ আইনৰ দ্বাৰস্থ হোৱাৰ লগতে ইয়াৰ এক ন্যায়িক তদন্তৰ বাবে ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্তগৰাকীকো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷ এইক্ষেত্ৰত ঢকুৱাখনা উপ-জিলাৰ উপ-আয়ুক্তগৰাকীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব যদিও উপ-জিলা প্ৰশাসনৰ ন্যায়িক তদন্তত আৰু বহু তথ্য পোহৰলৈ আহিব বুলিও জানিবলৈ দিছে সদস্যাসকলে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি