সৰুসজাইত উদয়াচলৰ উদ্যোগত উত্তৰ-পূব পেৰা স্প’ৰ্টছ মীটৰ শুভাৰম্ভ
📌 ৬ ৰাজ্যৰ ৫৭৫ এথলীটৰ অংশগ্রহণ
📌 উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট উদ্বোধন মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ নৱেম্বৰঃ ‘উদয়াচল’ৰ উদ্যোগত প্রথমবাৰৰ বাবে আয়োজন কৰা উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট কালি আৰম্ভ হয়। উদ্বোধন কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী হাজৰিকাই উত্তৰ–পূবৰ বিশেষভাৱে সক্ষম খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্রদানৰ ব্যৱস্থাৰে পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে৷ বিগত পেৰা অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ২৯টা মেডেল লাভ কৰাৰ কথা উল্লেখ কৰি ভাষণ প্রসংগত তেওঁ কয় যে উত্তৰ–পূবৰ ৬খন ৰাজ্যৰ পৰা অংশগ্রহণ কৰা ৫৭৫গৰাকী খেলুৱৈয়ে ভৱিষ্যতে দেশক প্রতিনিধিত্ব কৰি আমাক সকলোকে গৌৰৱান্বিত কৰি তুলিব৷ শাৰীৰিক প্রতিবন্ধকতাৰ হেঙাৰ আঁতৰাই নিজ নিজ ৰাজ্যক প্রতিনিধিত্ব কৰি উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটত অংশগ্রহণ কৰিবলৈ ওলাই অহা খেলুৱৈসকলে প্রথম উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটক এখন প্রতিযোগিতাৰ পৰা ঊর্ধ্বলৈ লৈ গৈ ইয়াক খেলুৱৈসকলৰ সাহসিকতাৰ এক দস্তাবেজলৈ ৰূপান্তৰিত কৰিব৷ বিগত সময়ছোৱাত ৰাজ্যত ক্রীড়াৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্রত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘বিগত সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্যখনৰ ক্রীড়াৰ আন্তঃগাঁথনিয়ে দ্রুত উন্নয়নৰ মুখ দেখিছে৷ প্রতিখন জিলাতে ক্রীড়া ষ্টেডিয়াম নির্মাণৰ ব্যৱস্থা লোৱা বর্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনত প্রায় ৫০খন ষ্টেডিয়াম নির্মাণৰ উদ্যোগ গ্রহণ কৰা হৈছে৷’ মন্ত্রীগৰাকীয়ে সকলো অংশগ্রহণকাৰী খেলুৱৈকে নিজ নিজ ক্ষেত্রত আগবাঢ়ি যাবলৈ নিয়মিত চর্চা কৰিবলৈও আহ্বান জনায়৷ ইপিনে, এই অনুষ্ঠানত অংশগ্রহণ কৰি উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটৰ আয়োজক সমিতিৰ সভাপতি তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই কয় যে বহু বছৰৰ পৰাই এনেধৰণৰ এক পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ কথা ভাবি আহিছিলোঁ৷ ‘উদয়াচল’ৰ বহু দিনৰ এটা সপোন আছিল৷ ৫৭৫গৰাকী এথলীটে এই পেৰা স্প’ৰ্টছ মীটত অংশগ্রহণ কৰিছে৷ আনহাতে, আগলৈ এই পেৰা স্প’ৰ্টছ মীট অধিক বর্ণাঢ়্য আৰু বিশালভাৱে আয়োজন কৰা হ’ব বুলি আশা প্রকাশ কৰি তেওঁ কয়– ‘পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াই আমাক স্বীকৃতি দিলে৷ উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটত বিজয়ীসকলে ৰাষ্ট্রীয় পর্যায়ত খেলাৰ সুযোগ লাভ কৰিব৷ এই মঞ্চৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতৰ সপোন সাকাৰ হ’ব৷’ উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট অনুষ্ঠিত কৰাৰ ক্ষেত্রত আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অংশগ্রহণকাৰী এথলীটসকললৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য যে বর্ণাঢ়্য কার্যসূচীৰে সৰুসজাই ক্রীড়া প্রকল্পত প্রথম উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটৰ শুভাৰম্ভণি ঘটে৷ মন্ত্রী হাজৰিকাৰ লগতে আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শর্মাই বন্তি প্রজ্বলনেৰে পেৰা স্প’ৰ্টছ মীটৰ শুভাৰম্ভণি কৰে৷ উদ্বোধনী অনুষ্ঠানত উত্তৰ–পূর্বাঞ্চলৰ বর্ণিল কলা–সংস্কৃতিও প্রদর্শন কৰা হয়৷ এই অনুষ্ঠানত অংশগ্রহণকাৰীসকল্ মার্চপাষ্টত অংশগ্রহণ কৰে৷ অহা ২৯ নৱেম্বৰলৈ তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটৰ উদ্বোধনী অনুষ্ঠানত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ সচিবপ্রধান জয়াৱন্ত গুন্দু, ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, ৰাজ্য চৰকাৰৰ ক্রীড়া বিভাগৰ সচিব আৰু সঞ্চালককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উত্তৰ–পূর্বাঞ্চলৰ ছয়খন ৰাজ্য ক্রমে ত্রিপুৰা, মণিপুৰ, ছিকিম, অৰুণাচল প্রদেশ, মেঘালয় আৰু অসমৰ পেৰা এথলীটে এই পেৰা স্প’ৰ্টছ মীটত অংশগ্রহণ কৰিছে৷ মুঠ ৫টা শাখাত মহানগৰীৰ তিনিটা স্থানত প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব৷ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পেৰা এথলেটিকছসমূহ অনুষ্ঠিত কৰাৰ লগতে ছুইমিং, পেৰা বেডমিণ্টন আৰু পেৰা টেবুল টেনিছ বন্দ্যা ইণ্টাৰনেচনেল স্কুলত অনুষ্ঠিত হ’ব৷ তদুপৰি আন কিছুসংখ্যক মেচ ‘উদয়াচল’ত অনুষ্ঠিত হ’ব৷ কাইলৈ এই উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীটৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব৷ সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব৷ সামৰণী অনুষ্ঠানত ‘মিৰাকলছ অন হুইলছ’–এ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷