নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভাত এজেপি–ৰাইজৰ দলক লৈ ইউডিএফৰ বিৰোধী মহাজোঁটঃ লখিমপুৰত লুৰিণজ্যোতি গগৈ প্রার্থী হ’লে সমর্থন দিব ইউডিএফে

নিয়ৰ্মীয়া বাৰ্তা, ২২অক্টোবৰ :  ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ শাসকীয় বিজেপিয়ে আৰম্ভ কৰা ব্যাপক কুচকাৱাজৰ মাজতে ৰাজ্যৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টিৰ চেষ্টা আৰম্ভ কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে৷ বিগত বিধানসভা নির্বাচনত কংগ্রেছৰ সৈতে মহাজোঁট গঠন কৰি মুখথেকেচা খোৱা এ আই ইউ ডি এফে এইবাৰ লোকসভা নির্বাচনৰ বাবে মহাজোঁটৰ নেতৃত্ব দিব বিচাৰিছে৷ নির্বাচনৰ বাবে শেহতীয়াকৈ কংগ্রেছৰ সৈতে মিত্রতা স্থাপনৰ প্রস্তাৱ দি বাৰে বাৰে বিমুখ হোৱা আজমলৰ দলটোৱে এইবাৰ এক নতুন সমীকৰণেৰে কংগ্রেছক বাদ দি সৃষ্টি কৰিব বিচাৰিছে আন এক মহাজোঁটৰ৷

মাইনাছ কংগ্রেছ মহাজোঁটত এইবাৰ এ আই ইউ ডি এফে নেতৃত্ব দি তাত অন্তর্ভুক্ত কৰিব বিচাৰিছে অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলক৷ ইয়াৰ বাবে দুয়োটা দললৈ মিত্রতাৰ প্রস্তাৱ আগবঢ়াইছে এ আই ইউ ডি এফে৷ দলটোৰ জ্যেষ্ঠ নেতা তথা জনিয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে আজি মুকলিকৈ এজেপি আৰু ৰাইজৰ দললৈ মিত্রতাৰ প্রস্তাৱ আগবঢ়াই কয়– উজনিত এ আই ইউ ডি এফে এজেপি আৰু ৰাইজৰ দলক লোকসভা নির্বাচনত সমর্থন জনাব৷ বিধায়কজনৰ মতে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সাংসদ হ’লে যথেষ্ট শক্তিশালী হ’ব বিৰোধী৷ এই দুয়োগৰাকীকে সাংসদ হিচাপে নির্বাচিত কৰাৰ ক্ষেত্রত এ আই ইউ ডি এফে সহায় কৰিব পাৰে৷

ৰফিকুল ইছলামে   সংবাদ মাধ্যমৰ আগত এইবুলিও কয়– উজনিত ৰাইজৰ দল আৰু এজেপিক এ আই ইউ ডি এফে সমর্থন দিবলৈ সাজু৷ উজনিত এই দুয়োটা দলক আমি সমর্থন দিয়াত আপত্তি ক’ত? লখিমপুৰ সমষ্টিত যদি লুৰিণজ্যোতি গগৈ প্রার্থী হয়, তেন্তে নিশ্চিতভাৱে এ আই ইউ ডি এফে সমর্থন দিব৷ একেদৰে ডিব্রুগড়ত অখিল গগৈ প্রার্থী হ’লে তেওঁকো আমি সমর্থন দিম৷ উজনিত এ আই ইউ ডি এফে প্রার্থী দিব লাগে বুলি কথা নাই৷ বিৰোধীৰ শক্তিশালী প্রার্থী হ’লে আমি সমর্থন জনাম৷ লক্ষণীয়ভাৱে বিজেপিৰ বিৰুদ্ধে বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে এ আই ইউ ডি এফৰ বিধায়কজনে  মুকলিকৈ এজেপি আৰু ৰাইজৰ দলৰ প্রতি মিত্রতাৰ প্রস্তাৱ আগবঢ়োৱাৰ বিপৰীতে এই মহাজোঁটত কংগ্রেছক ৰাখিব বিচৰা নাই৷

আনকি কংগ্রেছে মিত্রজোঁটত অহাৰ বিশ্বাসযোগ্যতা নাই বুলিও মন্তব্য কৰে বিধায়কজনে৷ ৰফিকুল ইছলামৰ মন্তব্য– মিত্রতাৰ বাবে বিশ্বাসৰ প্রয়োজন৷ কিন্তু বিগত সময়ছোৱাত কংগ্রেছে যি ধৰণৰ মন্তব্য প্রদান কৰিছে আৰু কার্যকলাপ কৰিছে তাৰ দ্বাৰা প্রমাণ হৈছে কংগ্রেছৰ কোনো বিশ্বাস নাই৷ গতিকে কংগ্রেছৰ সৈতে বুজাবুজি কৰাৰ প্রশ্ণই নাহে৷ কংগ্রেছক সমালোচনা কৰি ৰফিকুল ইছলামে উল্লেখ কৰে যে কংগ্রেছ এতিয়া পূর্বৰ দৰে শক্তিশালী নহয়৷ ৮০ৰ দশকত, ৯০ৰ দশকত তথা ২০০১ চনৰ পৰা ২০১৪ চনলৈ কংগ্রেছ যিধৰণে শক্তিশালী আছিল, তেনেধৰণে শক্তিশালী নহয় কংগ্রেছ৷ গতিকে এনে শক্তিহীন দলটোক বেলেগে গৈ মিত্রতাৰ বাবে প্রস্তাৱ দিব সেয়া নহ’ব৷ কংগ্রেছেহে আন দলক হাতে–ভৰিয়ে ধৰিব লাগিব৷ মন কৰিবলগীয়া যে ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ এ আই ইউ ডি এফে কংগ্রেছৰ সৈতে মিত্রতা কৰাৰ বাবে বাৰম্বাৰ প্রস্তাৱ দি আছে যদিও প্রদেশ কংগ্রেছে পোনছাটেই এনে প্রস্তাৱ নাকচ কৰি আহিছে৷

আনকি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট মন্তব্য– মই দলৰ সভাপতি থকালৈকে এ আই ইউ ডি এফৰ সৈতে মিত্রতা নহয়৷ কংগ্রেছৰ এনে স্থিতিক লৈ কার্যতঃ কিছু সংকটত পৰা এ আই ইউ ডি এফে সেয়েহে এইবাৰ এজেপি আৰু ৰাইজৰ দলক লৈ মহাজোঁট গঠনৰ প্রস্তুতি চলাইছে৷ ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰিব খোজা এ আই ইউ ডি এফৰ এনে মিত্রতা বা নতুন সমীকৰণক লৈ ৰাজ্যৰ নতুন আঞ্চলিক দল দুটাই কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ ৰাজনৈতিক মহলত এইবুলিও চর্চা চলিছে যে বিগত বিধানসভা নির্বাচনত আৰু লোকসভা নির্বাচনত কংগ্রেছৰ সৈতে মিত্রতা কৰি এ আই ইউ ডি এফে কেইবাখনো আসনত জয়যুক্ত হ’বলৈ সক্ষম হৈছিল৷ বিশেষকৈ লোকসভা নির্বাচনত ধুবুৰী সমষ্টিত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বৰপেটা সমষ্টিত তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমলে কংগ্রেছৰ সমর্থনতে জয় হ’বলৈ সক্ষম হৈছে৷ এনে মিত্রতাই এ আই ইউ ডি এফক লাভান্বিত কৰিলে যদিও বিগত বিধানসভা নির্বাচনত কংগ্রেছে আজমলৰ লগত থকা বাবেই উজনিত হেৰুৱাবলগীয়া হ’ল কেইবাখনো আসন৷ সেয়েহে এইবাৰ এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ বাবে তিলমাত্রও আগ্রহ দেখুওৱা নাই কংগ্রেছে৷ যাৰ বাবে সংকটত পৰি এজেপি আৰু ৰাইজৰ দলৰ সৈতে মিত্রতাৰ সমীকৰণ গঢ়াৰ প্রস্তুতি চলাইছে এ আই ইউ ডি এফে৷

You might also like