ৰাজ্যৰ শতাধিক প্রাচীন শক্তিপীঠত মহিষমর্দিনীৰ আৰাধনা
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ মহামাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ সংক্রমণৰ কবলৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই মানৱ জাতি৷ সমগ্র বিশ্বতে ঘাতক ভাইৰাছৰ সংহাৰলীলা অব্যাহত আছে৷ তাৰ মাজতে প্রকৃতিৰ নিয়ম মানি ধৰালৈ আগমন ঘটিছে মায়াবী শৰতৰ৷ শৰৎ মানেই উছৱৰ আয়োজন– অকাল বোধনেৰে মহিষমর্দিনী দেৱী দুর্গাৰ আৰাধনা৷ পিছে এইবাৰ আয়োজন সম্পূর্ণ ব্যতিক্রম৷ বিগত কেইটামান বছৰত দেৱী দুর্গাৰ পূজাৰ সমান্তৰালকৈ দৃষ্টিনন্দন আলোক সাজসজ্জাৰে মণ্ডপ আকর্ষণীয় কৰি তোলাৰ বাবে আয়োজক কমিটীসমূহৰ মাজত গঢ় লৈ উঠা অঘোষিত প্রতিযোগিতা নাই৷ তাৰ বিপৰীতে চৰকাৰৰ নির্দেশ মানি ক’ভিড প্রট’কলৰ মাজত পৰম্পৰা ৰক্ষাৰে আয়োজন কৰা হৈছে পূজাৰ৷
চলিত বর্ষত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে পূজাৰ আড়ম্বৰপূর্ণ আয়োজন স্তিমিত হৈ পৰিছে৷ কিন্তু ৰাজ্যৰ শতাধিক প্রাচীন তথা ঐতিহ্যমণ্ডিত শক্তিপীঠত সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পৰম্পৰাগতভাৱে প্রতিটো বছৰতেই চলি আহিছে শাৰদীয় দুর্গাপূজা৷ সার্বজনীন পূজা কমিটীসমূহে আড়ম্বৰপূর্ণ আয়োজন তথা বাহ্যিকতাৰ নামত বিগত সময়ছোৱাত অঘোষিত প্রতিযোগিতাত অৱতীর্ণ হোৱাৰ বিপৰীতে এই প্রাচীন শক্তিপীঠসমূহত শ শ বছৰ ধৰি দুর্গতিনাশিনীৰ বোধন–আৱাহন–ধিবা আদি পৰম্পৰাগত ধর্মীয় ৰীতি–নীতিৰে চলি আহিছে৷ লগতে দেৱীৰ চৰণত আগবঢ়াই অহা হৈছে বলি–বিধান৷ আহোম ৰাজত্বৰ সময়তে ৰাজ্যখনত প্রতিষ্ঠা হোৱা এনে শক্তিপীঠ আৰু দৌল–দেৱালয়ৰ সংখ্যা চাৰি শতাধিক আছিল যদিও চৰকাৰী পৃষ্ঠপোষকতা–সংৰক্ অভাৱত ইয়াৰ অধিকাংশই ইতিমধ্যে অতীত হৈছে৷ বর্তমান অসমত থকা প্রাচীন শক্তিপীঠ আৰু দৌল–দেৱালয়ৰ সংখ্যা ১০০খনতকৈও অধিক৷
উল্লেখ্য যে আহোম ৰাজত্বৰ পূর্বে স্থাপন হোৱা শক্তিপীঠো অসমত আছে৷ এনে শক্তিপীঠসমূহৰ ভিতৰত কেঁচাইখাইতী, তাম্রেশ্বৰী আৰু কামাখ্যা মন্দিৰ অন্যতম৷ পৰৱর্তী কালত আহোম স্বর্গদেউ শিৱসিংহ, প্রমত্ত সিংহ, ৰাজেশ্বৰ সিংহ, গদাধৰ সিংহ, ৰুদ্রসিংহ আদিৰ পৃষ্ঠপোষকতাত ৰাজ্যত স্থাপন হৈছিল বহু শক্তিপীঠ আৰু দৌল–দেৱালয়৷ স্বর্গদেউ শিৱসিংহৰ ৰাজত্বকালত অশ্বক্লান্ত মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, স্বর্গদেউ প্রমত্ত সিংহৰ দিনত শিলঘাটৰ কামাখ্যা মন্দিৰ, ৰুদ্রেশ্বৰ দেৱালয়, স্বর্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনৰ সময়ছোৱাত হৰগৌৰী দেৱালয়, দীর্ঘেশ্বৰী মন্দিৰ আদিকে ধৰি অসমৰ ভিন্ন প্রান্তত আহোম স্বর্গদেউসকলে প্রতিষ্ঠা কৰা শক্তিপীঠসমূহত আজিও চলিছে পৰম্পৰাগত ৰীতিৰে মহিষমর্দিনীৰ পূজা–আৰতিভাগ৷ যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত ২০০ বছৰতকৈও অধিক পুৰণি বুঢ়ী গোসাঁনী দেৱালয়ত পৰম্পৰা অনুসৰি আজিও পূজা আগবঢ়াই আহিছে আহোম ৰাজবংশৰ পৰিয়ালে৷ দেৱী দৌলকে ধৰি শিৱসাগৰ জিলাৰ বহুকেইটা পৌৰাণিক মঠ–মন্দিৰ তথা দেৱালয়ত শক্তিৰ অধিষ্ঠাত্রী দেৱীক যথাৰীতি–পদ্ধতিৰে পূজা–র্চনা কৰা হৈছে৷ ডিব্রুগড় জিলাত থকা শক্তিপীঠসমূহতো আজি আগবঢ়োৱা হয় মহাসপ্তমীৰ পূজা৷ এইক্ষেত্রত বিশেষভাৱে উল্লেখ কৰিব পাৰি ঐতিহ্যমণ্ডিত তাম্রেশ্বৰী মন্দিৰ, সীতাকুণ্ড, দেওশাল আদি শক্তিপীঠৰ কথা৷ ১৭শ শতিকাতে আহোম স্বর্গদেউ গদাধৰ সিংহই কাজিৰঙাত স্থাপন কৰিছিল কাকগোসাঁনীৰ থান৷ তেতিয়াৰে পৰা থানখনত বলি–বিধান প্রথা চলি আহিছে৷ গোলাঘাট জিলাৰ দৈগ্রোঙত অৱস্থিত ঐতিহাসিক হালোৱা থান, দেৰগাঁৱৰ বুঢ়ী গোসাঁনী থান আৰু বৰফুকনখাতৰ কটোহাগুৰি দৌল আদিত শক্তিৰ অধিষ্ঠাত্রী দেৱীৰ চৰণত শাৰদীয় দুর্গোৎসৱ উপলক্ষে পৰম্পৰাগত পূজা–র্চনা চলি আহিছে অতীতৰে পৰা৷ লখিমপুৰৰ ঐতিহ্যমণ্ডিত পঞ্চানন দেৱালয়তো ৰীতি অনুসৰি চলিছে মহিষমর্দিনীৰ পূজা৷ বিশ্বনাথ জিলাৰ গড়েহগাস্থিত প্রায় তিনিশ বছৰ পুৰণি ঐতিহাসিক বৈঠাৱতী থানতো পৰম্পৰাগতভাৱে দেৱী দুর্গাৰ পূজা–অর্চনাৰ আয়োজন কৰা হৈছে৷ অৱশ্যে এই শক্তিপীঠখনত ১৯৪০ চনৰ পৰা বলি–বিধান প্রথা বন্ধ কৰা হয়৷ বিশ্বনাথ চাৰিআলিৰ হাৱাজানৰ দেউৰী গাঁৱত অৱস্থিত শ্রীশ্রীফুলবাৰী দেৱালয়তো মহিষমর্দিনীৰ পূজা–র্চনা চলিছে৷ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ ঐতিহ্যৰে মহিমামণ্ডিত এই দেৱালয়খন বৰকালিকা থান হিচাপে পৰিচিত৷
ইফালে শোণিতপুৰ জিলাৰ ব্রহ্মপুত্রৰ পাৰতে থকা ভৈৰৱী মন্দিৰতো সম্পূর্ণ পৰম্পৰাগতভাৱে শাৰদীয় দুর্গাপূজাৰ আয়োজন কৰা হৈছে৷ ইতিহাসপ্রসিদ্ধ এই ভৈৰৱী মন্দিৰত শক্তিদেৱীৰ প্রতিমাৰ পৰিৱর্তে শালেগ্রাম পূজা কৰা হয়৷ সেইদৰে মহাভৈৰৱ মন্দিৰ, ৰুদ্রপথ দেৱালয়, ভৈৰৱপথ দেৱালয়, টিংগেশ্বৰ দেৱালয় আদি শক্তিপীঠসমূহো দেৱী দুর্গাৰ মন্ত্রোচ্চাৰণেৰে মুখৰ হৈ পৰিছে৷ গুৱাহাটী মহানগৰীৰ প্রাচীন শক্তিপীঠ কামাখ্যা মন্দিৰ, উগ্রতাৰা দেৱালয়ৰ উপৰি বশিষ্ঠাশ্রম, নৱগ্রহ দেৱালয়, শুক্রেশ্বৰ মন্দিৰ, ভুবনেশ্বৰী মন্দিৰ, চত্রাকাৰ দেৱালয় আদিতো আয়োজন কৰা হৈছে দেৱী দুর্গাৰ পৰম্পৰাগত পূজাভাগ৷ কামৰূপ জিলাৰ বিভিন্ন স্থানতো আছে বহুকেইখন প্রাচীন শক্তিপীঠ আৰু দৌল–দেৱালয়৷ ছয়গাঁৱৰ চণ্ডিকা মন্দিৰ, ৰঙিয়াৰ দীপ্তেশ্বৰী দেৱালয় আদিত ষষ্ঠীৰ দিনাৰ পৰাই আৰম্ভ হৈছে পৰম্পৰাগত শাৰদীয় দুর্গোৎসৱ৷ মহিষমর্দিনীৰ পূজা–আৰাধনাৰে উজ্জীৱিত হৈ থকা নগঁও জিলাৰ শক্তিপীঠসমূহৰ ভিতৰত বাসুদেৱবাৰী দেৱালয়, অম্বিকানাথ দেৱালয়, চাপানলা মন্দিৰ, জীয়াজুৰি মন্দিৰ, গোসাঁইজুৰি, আকাশীগংগা গছতল, মহাদেওশাল, বসুন্ধৰী পর্বত, নভংগাৰ চামুণ্ডা, ভয় পর্বতৰ মহিষমর্দিনী দুর্গা আৰু কালিকাথান অন্যতম৷ এই প্রসংগতে ঢ়েকীয়াজুলিৰ হৰবৰী দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, আদাবাৰীৰ বাঘেশ্বৰী বা দেওবাহৰগুৰি দেৱালয়, ধুবুৰীৰ মহামায়া দেৱালয়, গোৱালপাৰা জিলাৰ অভয়াদেৱীৰ দেৱালয়ৰ লগতে আই শাখাতীৰ থান, উগ্র ভৈৰৱী থান, মহাঠাকুৰাণী থান, মাইবঙৰ ৰণচণ্ডী ঠাকুৰাণী মন্দিৰ, মাইবং নৈত শিলকটা দেৱী মন্দিৰ, ভুবন পাহাৰৰ শিৱ–ভুবনেশ্বৰী বিগ্রহ, কার্বি আংলঙৰ দেওপানী দুর্গা মন্দিৰ আদিৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ প্রাচীন এনে শক্তিপীঠ আৰু দৌল–দেৱালয়সমূহত্ উদ্যাপন কৰি অহা পৰম্পৰাগত শাৰদীয় দুর্গোৎসৱৰ সময়ত স্বাভাৱিকতে ভিৰ কৰে অগণন ভক্ত ৰাইজে৷ কিন্তু ক’ৰোনাসৃষ্ট পৰিৱেশত এইবাৰ ভক্তৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট কম৷ তথাপি ক’ভিড প্রট’কল মানি মহাসপ্তমীৰ দিনটোত বহু ভক্তই আশিস গ্রহণ কৰে দুর্গতিনাশিনী দুর্গাৰ৷