নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান

উজ্জয়িনী বৰা বৰা স্মাৰক ন্যাস'ৰ উদ্যোগত বিশেষ সজাগতা সভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ এপ্ৰিলঃ তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান। ‘উজ্জয়িনী বৰা স্মাৰক ন্যাস’ৰ উদ্যোগত আৰু ‘আভ্যন্তৰীণ গুণমান সুৰক্ষা কোষ (IQAC), সন্দিকৈ মহাবিদ্যালয়‘ৰ সহযোগত আজি দিনৰ ১ বজাত সন্দিকৈ মহাবিদ্যালয়ৰ ডে’ হ’ম প্রেক্ষাগৃহত অক্ষম আৰু বিশেষভাৱে সক্ষম শিশু তথা ব্যক্তিসকলক লৈ এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতে শাৰীৰিক-মানসিক প্রতিবন্ধকতা শীর্ষক এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। সভাত উজ্জয়িনী বৰা স্মাৰক ন্যাস’ৰ অধ্যক্ষ প্ৰতিষ্ঠিত লেখক গীতালি বৰাই পূৰ্ণ প্ৰতিবন্ধী শিশুসকলৰ সমস্যা, ভৱিষ্যতক লৈ সংশয় আৰু চৰকাৰৰ সজাগতাৰ বিষয়ে বক্তব্য ৰাখে ৷ লগতে তেওঁ‌ ‘ বিশেষ ভাৱে সক্ষম আৰু পূৰ্ণ প্ৰতিৱন্ধী শিশুসকলৰ মাজৰ পাৰ্থক্যও ব্যাখ্যা কৰে। ন্যাসৰ সম্পাদক দেৱজিত বৰাই প্ৰতিবন্ধী সকলক লৈ ন্যাসৰ কৰ্মৰাজী আৰু পৰিকল্পনা ব্যক্ত কৰে ৷

অনুষ্ঠানত তপোবন ৰ প্ৰতিষ্ঠাপক কুমুদ কলিতাক উজ্জয়িনী বৰা সমাজসেৱা বঁটা-২০২৪ প্ৰদান কৰা হয়। সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাই তথ্যচিত্ৰখন চাই আৱেগিক হোৱা বুলি উল্লেখ কৰি তেওঁ‌লোকৰ ফালৰ পৰাও এইক্ষেত্ৰত সহযোগিতা কৰিব বুলি কোৱাৰ লগতে তেওঁ‌লোকৰ মহাবিদ্যালয়ৰ বিভিন্ন কোষৰ পৰা সহায় কৰিব বুলি আশ্বাস দিয়ে ৷ এইবাৰৰ উজ্জয়িনী বৰা স্মাৰক ন্যাসৰ বঁটাপ্ৰাপক কুমুদ কলিতাৰ কৰ্মৰাজি লৈ ‘পাপা’ শীৰ্ষক আন এখন তথ্যচিত্ৰ সভাগৃহত প্ৰদৰ্শন কৰা হয় ৷

ভাষণ প্ৰসংগত কুমুদ কলিতাই বিশেষভাৱে সক্ষমসকলৰ সৰ্বাংগীন বিকাশক লৈ তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে ৷ তেওঁ এনে শিশুৰ অভিভাৱকসকলক হতাশ নহৈ এইসকল শিশুক ঈশ্বৰৰ দূত বুলি ভাবি সংকল্প ল’বলৈ আহ্বান জনায় ৷

অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে বিশেষভাৱে সক্ষমসকলক লৈ থকা সজাগতা আন্দোলনলৈ পৰিৱৰ্তিত হ’ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৷ সমাজকৰ্মী আৰু লেখক অৰ্চনা বৰঠাকুৰে নিজ অভিজ্ঞতাৰ ভিত্তিত সমগ্ৰ বিষয়টোৰ ওপৰত বক্তব্য ৰাখে।

বিশেষভাৱে সক্ষম আৰু অক্ষম শিশু/ব্যক্তিৰ পৰিয়ালৰ ব্যক্তি তথা এনে ধৰণৰ শিশুৰ আশ্রয়গৃহৰ লগত জড়িত কিছু ব্যক্তিয়েও অনুষ্ঠানটোত বক্তব্য ৰাখে। অনুষ্ঠানটিত তপোবন ৰ প্ৰতিস্থাপক, বিশিষ্ট সমাজসেৱী কুমুদ কলিতাক ‘উজ্জয়িনী বৰা সমাজসেৱা বঁটা ২০২৪’ প্ৰদান কৰা হ’য়।

You might also like